নিৰাপদ নহয় ৰাফেল… উৰণত বাধা চৰাইৰ, বায়ুসেনাই চিঠি লিখিলে হাৰিয়ানা চৰকাৰক
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ ৰাফেল। যুদ্ধবিমান ৰাফেলৰ ওচৰত থিয় হৈছে আন এক সংকট। শত্ৰু পৰৰ নহয়, ঘৰৰ। নিৰাপত্তাৰ ত্ৰাসত ভোগা ৰাফেলৰ কাৰণে সংকট আনিছে উৰি-ভ্ৰমি ফুৰা পক্ষীয়ে।
উল্লেখ্য জুলাইৰ শেষ ভাগত ভাৰতলৈ অনা হৈছিল ৰাফেল বিমান। আনিয়েই ভাৰতীয় বায়ুসেনাৰ অম্বলা বেছকেম্পত অনানুষ্ঠানিকভাৱে ৰখোৱা হৈছিল এই বিমান। কিন্তু বিমানবন্দৰ বা তাৰ ওচৰে-পাঁজৰে থকা চৰাইৰ বাবে এতিয়া সমস্যাত আহিছে ৰাফেল উৰণত। কিয়নো পক্ষীৰ বাবে যিকোনো সময়ত দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা আছে ৰাফেল।
এনে সংকটৰ কথা উনুকিয়াই ভাৰতীয় বায়ুসেনাৰ নিৰীক্ষণ আৰু সুৰক্ষা বিভাগৰ সঞ্চালকপ্ৰধান এয়াৰ মাৰ্শেল মানৱেন্দ্ৰ সিঙে চিঠি লিখে হাৰিয়ানাৰ মুখ্য সচিব কেশনী আনন্দ অৰোৰালৈ।
অম্বলাৰ বেছকেম্পত পক্ষীৰ এই উপদ্ৰৱৰ মূল কাৰণ হ’ল ইয়াৰে ওচৰে-পাঁজৰে থকা আৱৰ্জনাৰ দম।
আৱৰ্জনাৰ মাজত খাদ্য বিচাৰি আহে এনে চৰাইসমূহ। স্থানীয় পৌৰ নিগম কৰ্তৃপক্ষক ইতিমধ্যে এয়াৰবেছৰ পৰা ১০ কিলোমিটাৰ দূৰত্বলৈ কোনো আৱৰ্জনাৰ দম নাৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।