‘আমি নক্সাল হ’ম আৰু তেওঁলোকৰ ঘৰত আক্ৰমণ কৰিম’… সমূহীয়াভাৱে দোকানীয়ে খালে শপত
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ মধ্যপ্ৰদেশৰ খৰগোন জিলাত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক লৈ নাৰাজ দখলদাৰীয়ে আজি ল’লে এক আচৰিত শপত। অবৈধ স্থলত দোকান দি জীৱিকা নিৰ্বাহ কৰা দোকানীসকলে উচ্ছেদ অভিযানৰ প্ৰতিক্ৰিয়া ৰূপে নক্সাল হোৱাৰ শপত লয়।
দোকানীসকলৰ মতে বহুতো পুৰণি দোকান পৰ্যন্ত উচ্ছেদ কৰি নিবনুৱা হ’বলৈ বাধ্য কৰিছে প্ৰশাসনে, গতিকে তেওঁলোকে উগ্ৰপন্থী আৰু নক্সাল হ’ব। নক্সাল হ’বৰ বাবে শপতগ্ৰহণৰ ভিডিঅ’ ভাইৰেল হৈ পৰে নিমিষতে।
উল্লেখ্য জিলা মুখ্যালয়ৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ ভিকনগাঁও অঞ্চলত ৰাজস্ব বিভাগ, নগৰ প্ৰশাসন আৰু আৰক্ষীয়ে আজি অবৈধ দখলদাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। উচ্ছেদ অভিযানৰ ৰেহৰূপ দেখি সকলো একপ্ৰকাৰ চকিত হৈ পৰে।
ভিকনগাঁৱৰ সমাজকৰ্মী অৰবিন্দ জয়ছোৱালে এই উচ্ছেদ অভিযানৰ পিছতে সকলো ভুক্তভোগীক নক্সাল হোৱাৰ শপত খুৱায়। শপতগ্ৰহণৰ সময়ত প্ৰশাসনক এ বুলিও ভাবুকি দিয়া হয় যে এতিয়া প্ৰশাসনৰ ঘৰত আক্ৰমণ কৰা হ’ব।