নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত নতুন দিল্লীৰ ছিংঘু, গাজীপুৰ আৰু টিক্রি সীমান্তত বিগত দুমাহ ধৰি কৃষক সংগঠনসমূহে আন্দোলন চলাই আহিছে৷ এই সময়ছোৱাত স্থানীয় অঞ্চলবাসীয়ে কৃষক সংগঠনৰ প্রতিবাদক লৈ অসন্তুষ্টি ব্যক্ত কৰা নাছিল যদিও গণৰাজ্য দিৱসৰ দিনা ট্রেক্টৰ সমদলৰ সময়ত আন্দোলন হিংসাত্মক হোৱাৰ পাছতেই পৰিৱেশ সলনি হৈ গ’ল৷ ছিংঘু সীমান্তত স্থানীয় গাঁওবাসীয়ে প্রতিবাদী কৃষকৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিলে৷ কৃষক সংগঠনসমূহৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্রতিবাদীসকলে বন্ধ কৰি ৰখা পথ মোকলাই দিলে স্থানীয় গাঁওবাসীয়ে৷ অকল এয়াই নহয়, শীঘ্রে প্রতিবাদী কৃষকসকলক উক্ত স্থান ত্যাগ কৰি শান্তি ঘূৰাই আনিবলৈ দাবী জনাইছে৷
উল্লেখ্য যে ছিংঘু সীমান্তৰ পাছত গাজীপুৰ আৰু টিক্রি সীমান্তৰ গাঁওবাসীয়েও প্রতিবাদী কৃষকৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰাৰ পৰিকল্পনা কৰিছে৷ গণৰাজ্য দিৱসৰ দিনা ট্রেক্টৰ সমদলৰ হিংসাত্মক ঘটনাই সীমান্তৰ গাঁওবাসীক অসন্তুষ্ট কৰি তুলিছে আৰু কৃষক নেতাসকলে কৃষকসকলক বিপথে পৰিচালিত কৰা বুলি মুকলিকৈ প্রকাশ কৰিছে৷