নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধ নালাগে, পুটিনৰ গৃহ চহৰত বিশাল প্ৰতিবাদী মিছিল

বিশেষ বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ন’ ‘টু ৱাৰ। সকলোপক্ষৰ আহ্বান, অনুৰোধ, বাধা, সকীয়নিক আওকাণ কৰি অৱশেষত কালি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতে ৰাছিয়াৰ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ লোক। এই লোকসকলে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে। আনকি পুটিনৰ গৃহ চহৰ তথা দেশখনৰ দ্বিতীয় বৃহং চহৰ ছেইণ্ট পিটাৰ্ছবাৰ্গতো বিশাল প্ৰতিবাদী মিছিল উলিয়ায়। কাকো যুদ্ধ নালাগে।

দেশখনৰ প্ৰায় ৫১ খন চহৰৰ পৰা ১,৪০০ প্ৰতিবাদীক ৰুছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। ৰাজধানী মস্কোৰ পৰাই ৭০০জনক আটক কৰিছে। দেশখনৰ সৰহভাগ বিৰোধী নেতাক হত্য়া, কাৰাবন্দী অথবা স্বদেশৰ পৰা নিৰ্বাসন দিয়াৰ পাছতে পুটিনে ইউক্ৰেইনত অভিযান আৰম্ভ কৰিছে। ইয়াৰ বিৰুদ্ধে দেশখনত বিভিন্ন ধৰণে প্ৰতিবাদ আৰম্ভ হৈছে।

You might also like