নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণাংগ লোকৰ হত্যাক লৈ পুনৰ উত্তপ্ত আমেৰিকা

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ এজন কৃষ্ণাংগ লোকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাক লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ উইচকনছিন উত্তপ্ত হৈ পৰিছে৷ কিছু মাহ পূর্বে জর্জ ফ্লয়ড নামৰ কৃষ্ণাংগ লোক এজনক বর্বৰতাৰে হত্যা কৰাৰ বাবে সমগ্র আমেৰিকা যুক্তৰাষ্ট্রত প্রতিবাদৰ জোৱাৰ উঠাৰ লগতে বিশ্বৰ আন দেশতো প্রতিবাদ হৈছিল৷

পুনৰ উইচকনছিনত জেকব ব্লেক নামৰ লোক এজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰা বাবেই পুনৰ দেশখন উত্তপ্ত হৈ পৰিছে৷ জৰুৰীকালীন অৱস্থা ঘোষণা কৰি সান্ধ্য আইন বলৱৎ কৰাৰ পিছতো কেইবাশ লোক ৰাজপথলৈ ওলাই আহিল৷ আৰক্ষীৰ মুখ্য কার্যালয়লৈ প্রতিবাদ কৰা লোকসকলে যান–বাহনত অগ্ণিসংযোগ কৰে৷

ক্ষুব্ধ প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘর্ষৰ সৃষ্টি হয়৷ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি প্রতিবাদকাৰীক আঁতৰাই পঠাবলৈ চেষ্টা কৰাৰ পিছতে হিংসাত্মক কার্যকলাপ সংঘটিত হয়৷

You might also like