নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ উত্তৰ প্রদেশৰ হাথৰাছত ১৯ বছৰীয়া যুৱতীক বলাৎকাৰ আৰু হত্যাৰ ঘটনাক কেন্দ্র কৰি পুনৰ প্রতিবাদত উত্তাল হৈছে ৰাজ্যখন৷ হাথৰাছৰ ধর্ষিতাৰ গাঁৱত মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ পদত্যাগৰ দাবীত বিভিন্ন দলে উলিয়ায় প্রতিবাদী সমদল৷
উল্লেখনীয় যে এই ধর্ষণ আৰু হত্যাৰ ঘটনাৰ তদন্ত চি বি আইৰ জৰিয়তে কৰাব লাগে বুলি বিভিন্ন দল–সংগঠনে দাবী কৰিছে৷ ইফালে, হাথৰাছ জিলাত আজি সমাজবাদী পার্টী আৰু ৰাষ্ট্রীয় জনতা দলৰ সমর্থক আৰক্ষীৰ সৈতে সংঘর্ষত লিপ্ত হয়৷
আৰক্ষীয়ে প্রতিবাদী লোকসকলক ছত্রভংগ দিয়াবলৈ লাঠীচালনা কৰাৰ লগে লগে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷ ইফালে, আজি ধর্ষিতাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলিত হ’বলৈ হাথৰাছত উপস্থিত হৈছে ভীম আর্মীৰ মুৰব্বী চন্দ্রশেখৰ আজাদ৷ আজিও দেশৰ বিভিন্ন প্রান্তত ধর্ষিতাৰ পৰিয়ালক ন্যায় প্রদানৰ দাবীত প্রতিবাদ তীব্রতৰ হৈছে৷