নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ মহাৰাষ্ট্রৰ পুনেত এজন ২৫ বছৰীয়া লোকে পাবজি খেলি থকাৰ সময়তে ব্ৰেইন ষ্ট্ৰ’ক হৈ মৃত্যুক আঁকোৱালি লয় ।
আৰক্ষীয়ে জনোৱা অনুসৰি, পুনেৰ পিম্পৰি চিনচিৱাদিৰ নিৱাসী হর্ষাল মেমন নামৰ লোকজনে অনলাইন যোগে পাবজি নামৰ খেলবিধ খেলি থকাৰ সময়তে ইণ্ট্ৰাচেৰব্ৰাল হেম’ৰেজ হোৱাত চিকিৎসালয়লৈ নিয়া হয় যদিও শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে ।
উল্লেখ্য যে ইণ্ট্ৰাচেৰব্ৰাল হেম’ৰেজ নামৰ এই ষ্ট্ৰ’কবিধ মস্তিষ্কৰ সিৰাৰ মাজত ৰক্তক্ষৰণৰ ফলত হয় ।