নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রপতিৰ পদ এৰিব ভ্লাডিমিৰ পুটিনে; স্নায়ুৰোগ–কর্কটত গুৰুতৰভাৱে অসুস্থ

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: ৰাছিয়াৰ ৰাষ্ট্রপতিৰ পদ ত্যাগ কৰিব ভ্লাডিমিৰ পুটিনে এই খবৰক লৈ এতিয়া সমগ্র দেশখনত তোলপাৰ লাগিছে৷ একাধিক আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি ৰুছে ৰাষ্ট্রপতি পুটিনৰ শাৰীৰিক অৱস্থাৰ ক্রমাগত অৱনতি ঘটিছে৷ বিগত কেইদিনমানৰ ভিতৰত পৰিস্থিতি অধিক শোচনীয় হৈছে৷ গতিকে ইউক্রেইন–ৰাছিয়া যুদ্ধৰ মাজতেই ৰাষ্ট্রপতিৰ পদ এৰিব পাৰে পুটিনে৷ অৱশ্যে এই সন্দর্ভত ৰুছ চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷ আন্তর্জাতিক সংবাদ মাধ্যমৰ তথ্য অনুসৰি স্নায়ুৰোগ আৰু কর্কটত গুৰুতৰভাৱে আক্রান্ত হৈছে পুটিন৷ বিষয়টোক লৈ ৰাছিয়াৰ কূটনৈতিক মহলত ব্যাপক চর্চা হোৱা বুলি আন্তর্জাতিক সংবাদ মাধ্যমে দাবী কৰিছে৷ পুটিনে পদত্যাগ কৰিলে পৰৱর্তী ৰাষ্ট্রপতি কোন হ’ব তাক লৈও চর্চা চলা বুলি কেইবাটাও সংবাদ সংস্থাই সদৰী কৰিছে৷

You might also like