নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি অত্যন্ত শক্তিশালী, ইউক্ৰেইনৰ পৰা কি পাব লগা আছে… নিজকে পিটাৰ দ্য গ্ৰেটৰ সৈতে তুলনা পুটিনৰ

বিশেষ বাৰ্তা, ১০ জুনঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ১০৬ দিন পাৰ হ’ল৷ ৰুছ সেনাৰ আক্ৰমণত বিধ্বস্ত হৈছে ইউক্ৰেইনৰ চহৰসমূহ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এতিয়াও ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু হৈ আছে। কিন্তু, এনে লাগে যেন ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই কথাত অনুমোদন নিদিয়ে। ইফালে, পুটিনে ১৭ শতিকাৰ ৰাছিয়াৰ সম্ৰাট পিটাৰ দ্য গ্ৰেটে কৰা ছুইডেন আক্ৰমণৰ সৈতে নিজকে তুলনা কৰিছে। ইউক্ৰেইনৰ ওপৰত কৰা সামৰিক অভিযানক পিটাৰ দ্য গ্ৰেটৰ সময়ত ছুইডেন অভিযানৰ দৰেই বুলি পুটিনে বৰ্ণনা কৰিছে। পুটিনৰ মতে, এই দেশখন নিজৰ ভূখণ্ডত অন্তৰ্ভূক্ত কৰিবলৈ আৰু নিজকে ৰক্ষা কৰিবলৈ প্ৰয়োজন আছিল অভিযানৰ। ইভিনিং ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদন অনুসৰি যুৱ উদ্যোগী আৰু বিজ্ঞানীসকলৰ সৈতে হোৱা এক বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পিটাৰ দ্য গ্ৰেটে ২১ বছৰ ধৰি যুদ্ধ চলাইছিল। তেওঁ ছুইডেনৰ সৈতে বহুদিন যুদ্ধ কৰিছিল। বিশ্বৰ দৃষ্টিত এনে লাগে যে পিটাৰ দ্য গ্ৰেটে ছুইডেনৰ পৰা কিবা এটা আনিলে। আচলতে পিটাৰ দ্য গ্ৰেটে তেওঁলোকৰ পৰা একো লোৱা নাছিল, বৰঞ্চ ছুইডেনলৈ ঘূৰাইহে দিছিল। পুটিনে পুনৰ কয় যে ইউক্ৰেইনত আমাৰ সামৰিক অভিযান পিটাৰৰ অভিযানৰ দৰেই। তেওঁ কয়, এয়া আমাৰ বাবে নহয়। ইউক্ৰেইনৰ পৰা কি পাব লগা আছে ৰাছিয়াৰ? আমি অত্যন্ত শক্তিশালী দেশ। যদি আমি এই মূল্যবোধবোৰেই আমাৰ অস্তিত্বৰ ভিত্তি বুলি কৈ আগবাঢ়ি যাওঁ, তেন্তে আমি সন্মুখীন হোৱা কামবোৰ সমাধান কৰাত নিশ্চয় সফল হ’ম।

You might also like