যুদ্ধৰ পূৰ্বেই পৰিয়ালক সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰিছে পুটিনে
বিশেষ বাৰ্তা, ২ মাৰ্চঃ ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ আগতেই নিজৰ পৰিয়ালক ছাইবেৰিয়াৰ ‘ভূগর্ভস্থ চহৰ’ৰ বিলাসবহুল গোপন বাংকাৰত সুৰক্ষিত হৈ থাকিবলৈ পঠিয়াই দিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। আলটাই পর্বতমালাৰ কাষৰ কোনো এক স্থানত উচ্চপ্রযুক্তি সম্পন্ন বাংকাৰত ৰখা হৈছে ৰাষ্ট্ৰপতিৰ পৰিয়ালক। এই দাবী কৰিছে ৰাছিয়াৰেই ৰাষ্ট্রবিজ্ঞানৰ অধ্যাপক ভেলেৰী ছলোভেৰে। তেওঁ জনাইছে বিলাসবহুল যি বাংকাৰত পুটিনৰ পৰিয়ালক ৰখা হৈছে, সেইখন পৰমাণু আক্ৰমণৰ পৰা সুৰক্ষিত। অর্থাৎ যদি পাৰমাণৱিক আক্ৰমণ হয় তেন্তে সেই বাংকাৰৰ ক্ষতিৰ কোনো সম্ভাৱনা নাই বুলি জনাইছে। কিন্তু কিয় হঠাৎ ৰাছিয়াতে বহি পুটিনৰ বিৰুদ্ধে মুখ খুলিছে অধ্যাপক ভেলেৰী ছালোভে? এয়া নতুন কথা নহয়। ইয়াৰ আগতেও তেওঁ পুটিনৰ শাৰীৰিক আৰু মানসিক সমস্যা সন্দৰ্ভত মন্তব্য কৰিছে। তেওঁ দাবী কৰিছিল, ৰাছিয়াৰ জনতাক লুকাই নিজৰ চিকিৎসা কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। মস্কোৰ আন্তঃর্জাতিক সম্পর্কৰ ইনষ্টিটিউট (এমজিআইএমঅ’)ৰ প্রাক্তন অধ্যাপক ভেলেৰী ছালোভ। যি ইনষ্টিটিউটত প্রশিক্ষণ ল’বলৈ যায় ভৱিষ্যতৰ চৰকাৰী গুপ্তচৰ তথা শীর্ষ কূটনীতিকে। পুটিনৰ শাৰীৰিক সমস্যা সংক্রান্তত কৰা মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে তদন্ত চলি আছে।