কেন্দ্রৰ টিকাকৰণ নীতিক বিমুদ্রাকৰণেৰে ৰিজালে ৰাহুলে
নিয়মীয়া বাৰ্তা, ২২ এপ্রিলঃ কেন্দ্রৰ ক’ভিড টিকাকৰণ নীতিক পাঁচ বছৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা বিমুদ্রাকৰণেৰে ৰিজালে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে৷ ক’ভিড–১৯ত আক্রান্ত হৈ হোম আইছ’লেচনত থকা কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে টুইটাৰত কেন্দ্রীয় চৰকাৰৰ টিকাকৰণ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷
গান্ধীয়ে টুইটাৰত কয়– কেন্দ্রীয় চৰকাৰৰ টিকাকৰণ নীতি বিমুদ্রাকৰণৰ দৰেই৷ জনতাই আকৌ এবাৰ শাৰী পাতি থকা দেখিবলৈ পাব৷ ধন–স্বাস্থ্য আৰু জীৱন হেৰুৱাব আৰু অৱশেষত কেইগৰাকীমান উদ্যোগপতি লাভান্বিত হ’ব৷
মন কৰিবলগীয়া যে ক’ভিড–১৯ প্রতিহতৰ বাবে লকডাউন বলৱৎ কৰাৰ লগতে কেন্দ্রীয় চৰকাৰে লকডাউনৰ সময়ত দেশবাসীৰ বাবে গ্রহণ কৰা সকলো পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰি থকা কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে টিকাকৰণক লৈও মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে৷