নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্ৰান্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ৰোনাত আক্ৰান্ত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। আজি টুইট কৰি কংগ্ৰেছ নেতাজনে এই কথা প্ৰকাশ কৰে। বৰ্তমান নেতাগৰাকী হোম আইছ’লেছনত থকা বুলি জনা গৈছে।

 

“মৃদু লক্ষণ অনুভৱ কৰাৰ পিছত মোৰ ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে। শেহতীয়াকৈ মোৰ সৈতে সম্পৰ্কত থকা সকলোৱে অনুগ্ৰহ কৰি ক’ভিড প্ৰটোকল অনুসৰণ কৰক আৰু সুৰক্ষিত থাকক,” ৰাহুল গান্ধীয়ে এইদৰে টুইট কৰে।

 

ইপিনে আন এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং কালি ক’ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত আছে।

You might also like