হাথৰাছ কাণ্ডঃ ধর্ষিতাৰ পৰিয়ালক সাক্ষাতৰ অনুমতি ৰাহুল গান্ধীক
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ উত্তৰ প্রদেশৰ হাথৰাছ গাঁৱত ১৯ বছৰীয়া দলিত সম্প্রদায়ৰ যুৱতী এগৰাকীৰ দলবদ্ধ ধর্ষণৰ বলি হৈ মৃত্যু হোৱা ঘটনাক লৈ প্রতিবাদ অব্যাহত আছে ৰাজ্যখনত৷ শাসকীয় বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এই দলবদ্ধ ধর্ষণ কাণ্ডক লৈ কংগ্রেছে প্রতিবাদ চলাই থকাৰ লগতে নিপীড়িতাৰ পৰিয়ালক সাক্ষাতৰ বাবে আঁকোৰগোজ হৈ থকাৰ পৰিপ্রেক্ষিতত অৱশেষত উত্তৰ প্রদেশ চৰকাৰে কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধী, কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী ভদ্রাসহ পাঁচজনক পৰিয়ালটোক সাক্ষাতৰ অনুমতি দিয়ে৷
উল্লেখ্য যে কালি পুৱা উত্তৰ প্রদেশৰ হাথৰাছ গাঁৱলৈ যাত্রাৰ বাবে নতুন দিল্লীৰ পৰা ৩০তকৈ অধিক কংগ্রেছ সাংসদ লৈ ৰাহুল আৰু প্রিয়ংকা উত্তৰ প্রদেশৰ সীমান্তত উপস্থিত হয়৷ সীমান্তত তিনি শতাধিক আৰক্ষী নিয়োগ কৰি কংগ্রেছৰ দলটোক ৰাজ্যখনত প্রৱেশত বাধা দিয়ে৷ কেইবাঘণ্টা ধৰি দুই পক্ষৰ মাজত বাক্–বিতণ্ডা চলাত অৱশেষত প্রশাসনে মাত্র ৫জনক হাথৰাছলৈ যাবলৈ অনুমতি দিয়ে৷
মন কৰিবলগীয়া যে হাথৰাছগামী ৰাহুল আৰু প্রিয়ংকাক পূর্বে আৰক্ষীয়ে বাধা প্রদান কৰাই নহয়, আৰক্ষীৰ সৈতে ঠেলা–হেঁচা লগাৰ পিছত দুয়োগৰাকী নেতাক আৰক্ষীয়ে আটক কৰিছিল৷ ইয়াৰ দুদিন পিছত পুনৰ কংগ্রেছে একেই ঘটনাৰ পুনৰাবৃত্তি ঘটাবলৈ আজি চেষ্টা চলায়৷ কিন্তু আৰক্ষীয়ে বিভিন্ন আলোচনাৰ মাজত কংগ্রেছৰ পাঁচজনীয়া দলক ধর্ষিতাৰ পৰিয়ালক সাক্ষাতৰ অনুমতি দিয়ে৷
ইপিনে, আগ্রাত কালি বাল্মীকি সম্প্রদায়ৰ কিছুসংখ্যক সদস্যই ঘটনাক লৈ প্রতিবাদ কৰাৰ সময়ত আৰক্ষী আৰু প্রতিবাদকাৰীৰ মাজত সংঘাত হয়৷ এই সময়ত প্রতিবাদকাৰীয়ে আৰক্ষীলৈ শিল নিক্ষেপ কৰে৷ আনপিনে, ৰাহুলসহ ৫ কংগ্রেছ নেতাক হাথৰাছলৈ যাবলৈ অনুমতি দিয়াৰ পিছতো কংগ্রেছ কর্মীসকলে উত্তাল প্রতিবাদ কৰি পৰিস্থিতি উত্তপ্ত কৰাৰ প্রয়াস চলোৱাৰ পিছতেই আৰক্ষীয়ে কংগ্রেছ কর্মীৰ ওপৰত লাঠীচালনা কৰে৷
ৰাজ্যখনত প্রতিবাদী কংগ্রেছৰ কর্মীয়ে বাৰাণসীত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীৰ কনভয় অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে৷