নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুলৰ আন্দোলনত অংশ নল’লে তৃণমূল–বিএছপি–আপে

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন বাতিলৰ দাবীত নতুন দিল্লীৰ যন্তৰ–মন্তৰত চলাই থকা কৃষক আন্দোলনক সমর্থন জনাই শুকুৰবাৰে কংগ্রেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধীয়ে প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে৷ কিছুদিন পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধে ব্রেকফাষ্ট পলিটিক্সেৰে ৰাহুল গান্ধীয়ে বিৰোধী দলকেইটাক একত্রিত কৰিছিল যদিও আজিৰ কার্যসূচীত কেইবাটাও বিৰোধী দল উপস্থিত নাথাকিল৷ পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্রেছ, নতুন দিল্লীৰ শাসকীয় আম আদমী পার্টী আৰু উত্তৰ প্রদেশৰ বহুজন সমাজ পার্টীয়ে আজি ৰাহুল গান্ধী নেতৃত্বাধীন বিৰোধী দলৰ প্রতিবাদী কার্যসূচীত অংশগ্রহণ নকৰি কার্যতঃ বিৰোধীৰ মাজত বিভেদৰ ইংগিত দিলে৷

সংসদ ভৱনৰ সমীপত যন্তৰ–মন্তৰত কৃষক সংগঠনসমূহে তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে ‘কিষাণ সংসদ’ প্রতিবাদী কার্যসূচী গ্রহণ কৰি চৰকাৰৰ ওচৰত হেঁচা প্রয়োগ কৰি আছে৷ এই ক্ষণতে ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী দলেও কৃষকক সমর্থনেৰে আজি প্রতিবাদস্থলীৰ কার্যসূচীত অংশগ্রহণ কৰে৷ ৰাহুল গান্ধীৰ নেতৃত্বত এই প্রতিবাদী কার্যসূচীত কংগ্রেছৰ মল্লিকার্জুন খার্গে, অম্বিকা চোনি, গৌৰৱ গগৈ, শিৱসেনাৰ সঞ্জয় ৰাউট, আৰ জে ডিৰ মনোজ ঝা, ডি এম কেৰ টি শিৱাকে ধৰি কেইবাটাও বিৰোধী দলৰ সাংসদে অংশগ্রহণ কৰি চৰকাৰবিৰোধী শ্লোগান দিয়ে৷

ক’লা আইন বন্ধ কৰক, পেগাছাছৰ তদন্ত কৰক আদি চৰকাৰবিৰোধী শ্লোগানেৰে যন্তৰ–মন্তৰ উত্তাল কৰে বিৰোধী দলে৷ উল্লেখ্য যে তিনি কৃষি আইন বাতিলৰ দাবী তুলি বিৰোধীয়ে চলিত সংসদৰ বর্ষাকালীন অধিৱেশনৰ দুয়ো সদনৰ কার্যসূচীত ব্যাঘাত জন্মাই আছে৷ সংসদৰ ভিতৰত প্রতিবাদ চলাই থকা বিৰোধীয়ে আজি কৃষক সংগঠনৰ সৈতে মিলিত হৈ তিনি কৃষি আইন বাতিলৰ দাবী জনায়৷

উল্লেখ্য যে সংযুক্ত কিষাণ মর্চাৰ অধীনত দেশৰ কেইবাটাও কৃষক সংগঠনে তিনি কৃষি আইন বাতিলৰ দাবীত নতুন দিল্লী সীমান্তত ৮ মাহ ধৰি আন্দোলন চলাই থকাৰ মাজতে সংসদৰ বর্ষকালীন অধিৱেশনৰ সময়ত যন্তৰ–মন্তৰত প্রতিবাদী কার্যসূচী চলাই আছে৷ কৃষক সংগঠনসমূহক এই প্রতিবাদী কার্যসূচী ৯ আগষ্টলৈ চলাই থাকিবলৈ অনুমতি প্রদান কৰা হৈছে৷ সংসদ ভৱন ঘেৰাও কার্যসূচী কৃষক সংগঠনে ঘোষণা কৰিলেও পিছলৈ নিৰাপত্তাজনিত কাৰণত সেই কার্যসূচী বাদ দি যন্তৰ–মন্তৰত কিষাণ সংসদ অব্যাহত ৰাখিছে৷

You might also like