নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় বাজেটৰ লগত সম্পৃক্ত কৰি দাখিল কৰি অহা ৰে’লৱে খণ্ডত সোমবাৰে সর্বকালৰ সর্বাধিক ধনৰ প্রস্তাৱেৰে কেন্দ্রীয় বাজেট ২০২২–২৩ লোকসভাত দাখিল কৰা হয়৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰা সাধাৰণ বাজেটত গতিশক্তি পৰিকল্পনাক প্রাধান্য দি ৰে’লৱেত ২০২২–২৩ বর্ষত সর্বাধিক ২.৪৫ লাখ কোটি টকাৰ অনুমোদন জনোৱা হয়৷ বিগত বর্ষৰ সাধাৰণ বাজেটৰ তুলনাত ১৪ শতাংশ বৃদ্ধি কৰা হৈছে৷ পথ, কৃষি, ডাকসেৱাৰ লগতে এইবেলি ৰে’লৱেৰ সেৱাকো অধিক প্রাধান্য দিয়া হোৱা বুলি বিত্তমন্ত্রীগৰাকীয়ে ভাষণত উল্লেখ কৰে৷ চলিত বিত্তীয় বর্ষত ৰে’লৱে নেটৱর্কত ২ হাজাৰ কিলোমিটাৰ নতুনকৈ সন্নিৱিষ্ট কৰা হ’ব৷ বিশ্বমানৰ প্রযুক্তিৰে এই ২ হাজাৰ কিলোমিটাৰ নেটৱর্ক স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি ‘ৱান ষ্টেচন ৱান প্রডাক্ট’ ধাৰণাৰে স্থানীয় ব্যৱসায় আৰু যোগাযোগ ব্যৱস্থাক উন্নীত কৰা হ’ব বুলি বিত্তমন্ত্রীগৰাকীয়ে ভাষণত অৱগত কৰে৷ ইয়াৰ উপৰি পৰৱর্তী তিনি বছৰৰ ভিতৰত ৪০০ উৎকৃষ্ট বন্দে ভাৰত ৰে’ল নির্মাণ কৰা হ’ব৷ লগতে মাল্টি মডেল ল’জিষ্টিকৰ কাৰণে ১০০ পি এম গতিশক্তি কার্গ’ টার্মিনেল বিকাশ কৰা হ’ব৷ বাজেটত ঘোষিত ধনৰাশিৰ ভিতৰত ১.৩৭ লাখ কোটি টকা সাধাৰণ ৰাজহ, ১.০৮ লাখ কোটি টকা আভ্যন্তৰীণ আৰু বাহ্যিক বাজেট–বহির্ভূত সম্পদ আৰু ২০০ কোটি টকা নির্ভয়া পুঁজিৰ পৰা সংগ্রহ কৰা হ’ব বুলি বিত্তমন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷