নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টত বৰষুণৰ পৰিমাণ ২৫ শতাংশ অধিক

৪৪ বছৰৰ ভিতৰত সর্বাধিকঃ আইএমডি

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ বিগত ৪৪ বছৰৰ ভিতৰত আগষ্ট মাহত দেশত সর্বাধিক বৰষুণ হৈছে৷ পৰিণতিত দেশৰ বিভিন্ন প্রান্তত বানৰ ভয়াৱহতা বৃদ্ধি হৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে, ২৮ আগষ্টলৈকে দেশত বৰষুণৰ মাত্রা ২৫ শতাংশ অধিক হৈছে৷ ইয়ে বিগত ১৯৮৩ চনৰ আগষ্ট মাহৰ বৰষুণৰ অভিলেখ ভংগ কৰিছে৷

উল্লেখ্য যে উক্ত বর্ষত ২৩.৮ শতাংশ বৰষুণ অধিক হৈছিল৷ বিভাগৰ তথ্য মতে, ১৯৭৬ চনৰ আগষ্ট মাহৰ তথ্যত দেশত বৰষুণ হৈছিল ২৮.৪ শতাংশ অধিক৷ বিহাৰ, অন্ধ্রপ্রদেশ, তেলেংগানা, তামিলনাডু, গুজৰাট, গোৱা আদিত অধিক মাত্রাত বৰষুণ হোৱাৰ উপৰি ছিকিমত আটাইতকৈ বেছি বৰষুণ হৈছে৷

অৱশ্যে দেশজুৰি বৰষুণৰ মাত্রা স্বাভাৱিকতকৈ ৯ শতাংশ বেছি৷ আনহাতে, কেন্দ্রীয় জল আয়োগৰ তথ্য মতে, ২৭ আগষ্টলৈকে দেশৰ জলাশয়সমূহত পানীৰ ভঁৰাল বিগত বর্ষৰ এই সময়ছোৱাৰ তুলনাত যথেষ্ট ভাল৷ আনকি বিগত ১০ বছৰৰ তুলনাত জলাশয়ত পানীৰ স্থিতি অতি উন্নত৷

You might also like