নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ নিষ্ঠুৰতাৰ বিৰুদ্ধে ৱাশ্বিংটনত প্রতিবাদ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ বর্ণবাদ আৰু আৰক্ষীৰ নিষ্ঠুৰতাৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংটন ডিচিৰ ৰাজপথলৈ ওলাই আহিল কেইবাসহস্র লোক৷ চলিত বর্ষত ক’ভিড–১৯ মহামাৰীৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাজধানী চহৰখনত সর্বাধিক লোকৰ সমাগমেৰে অনুষ্ঠিত হয় এই প্রতিবাদী কার্যসূচী৷

আমেৰিকাৰ মানৱ অধিকাৰ সংগ্রামৰ কিম্বদন্তী মার্টিন লুথাৰ কিং জুনিয়ৰৰ প্রখ্যাত ‘আই হেভ এ ড্রীম’ ভাষণৰ ৫৭সংখ্যক বার্ষিকী উপলক্ষে লিংকন স্মাৰকত  কেইবাশ প্রতিবাদকাৰীয়ে আৰক্ষীৰ নিষ্ঠুৰতা আৰু বর্ণবাদৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য যে ২৫ মে’ত কৃষ্ণাংগ আমেৰিকান জর্জ ফ্লয়ড আৰু যোৱা ২৩ আগষ্টত ২৯ বছৰীয়া কৃষ্ণাংগ লোক জেকবক আৰক্ষীয়ে নিষ্ঠুৰভাৱে হত্যা কৰাৰ প্রতিবাদত দেশজুৰি চলি থকা বিক্ষোভৰ অংশ হিচাপে ৱাশ্বিংটনত কালি বিশাল প্রতিবাদ হয়৷

You might also like