বাৰিষাত ভয়াৱহ হৈ উঠিব নেকি ক’ৰোনা?
নিয়মীয়া বাৰ্তা ২২ জুনঃ দেশত ক’ৰোনাৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই আহিছে। যোৱা ২৪ ঘণ্টাতে ১৪ হাজাৰ ৮২১ জন লোক ক’ৰোনাত সংক্ৰমিত হৈছে। লকডাউনৰ শিথিল কৰাৰ পিছতেই ভাৰতত ক’ৰোনাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা ৪ লাখ ২৫ হাজাৰ হৈছে। ইয়াৰ মাজতে এটা খবৰে সকলোকে আতংকিত কৰি তুলিছে।
বিশেষজ্ঞ সকলে বাৰিষাৰ দিনক ক’ৰোনাৰ সংক্ৰমণ বেছি হ’ব বুলি আশংকা কৰিছে। মেৰিলেণ্ড বিশ্ববিদ্যালয়ত গৱেষণাত প্ৰকাশ পাইছে যে বৰষুণৰ সময়ত ক’ৰোনা ভাইৰাছ পানীৰ সংস্পৰ্শ লৈ আহিলে হয়তো ভাইৰাছৰ সংক্ৰমণ কমি যাব অথবা শেষ হৈ যাব। কাৰণ ছিংগাপুৰ আৰু ইণ্ডনেছিয়াৰ দৰে দেশত গোটেই বছৰ বৰষুণ হয় আৰু তাত ক’ৰোনাৰ সংক্ৰমণ হোৱা দেখা গৈছে।
আনহাতে আমেৰিকাৰ জন হাপকিন্স বিশ্ববিদ্যালয়ৰ এজন গৱেষকে কৈছে বৰষুণৰ বাবে ক’ৰোনা ভাইৰাছ অধিক তীব্ৰতৰ হ’ব বুলি আশংকা কৰা হৈছে। গতিকে বৰষুণৰ বতৰত সতৰ্কতা অৱলম্বন কৰাই ভাল। বহুকেইজন বিশেষজ্ঞই জানিবলৈ দিছে চাবোনৰ পানীৰ দৰে বৰষুণৰ পানীয়ে ভাইৰাছ নোহোৱা কৰিব নোৱাৰে।