নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফৰিঙৰ উপদ্ৰৱত এৰিছে ঘৰ, ফটকা ফুটাই ফৰিং খেদাৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ৩জুনঃ দেশৰ বিভিন্ন অঞ্চলত এতিয়া ফৰিঙৰ উপদ্ৰৱ। ফৰিঙৰ পৰা ৰক্ষা পাবলৈ এতিয়া ফটকা ফুটাইছে ৰাজস্থানৰ জনতাই।

ক’ভিড মহামাৰীৰ সময়তে ভাৰতৰ কেইবাখনো ৰাজ্যত ফৰিঙে দিছে দুর্ভিক্ষৰ আগজাননী।পাকিস্তানৰ পৰা ভাৰতলৈ অহা অসংখ্য ফৰিঙে ৰাজস্থানৰ বিভিন্ন চহৰত স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰি তুলিছে ৷ ৰাজ্যখনৰ ৰাজধানী জয়পুৰৰ সমীপৱর্তী ৫ লাখ হেক্টৰ কৃষিভূমিৰ শস্য খাই উদং কৰা ফৰিঙৰ তাণ্ডৱত এতিয়া জনসাধাৰণে ঘৰ এৰি নিৰাপদ স্থানলৈ পলায়ন কৰিছে।

ৰাজস্থানতেই নহয় পঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্র আৰু মধ্যপ্রদেশত কেইবাকোটি ফৰিঙে বহু হেক্টৰ কৃষিভূমি নষ্ট কৰিছে। আফ্রিকা, মধ্যপ্রাচ্য আৰু এছিয়াৰ বিভিন্ন দেশতো ফৰিঙে কৃষিক্ষেত্রত ধ্বংসযজ্ঞ চলাইছে ফৰিঙে। ফৰিঙৰ উপদ্ৰৱত এতিয়াা ত্ৰাহি মধুসূদন দেখিছে জনতাই।

ভাৰতত কেন্দ্রীয় কৃষি মন্ত্রণালয়ৰ ফৰিং সতর্কীকৰণ সংস্থা (এল ডব্লিউ অ’)ৰ নিৰ্দেশ অনুযায়ী ৰাজস্থান, মধ্যপ্রদেশ আদি ৰাজ্যত ফৰিঙৰ এই তাণ্ডৱৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে মালাথিয়ন ৯৬ আৰু ক্ল’ৰ’পাইৰিফ’ছ নামৰ কীটনাশক। দুয়োবিধ কীটনাশক দৰব ছটিয়াই ফৰিং খেদোৱাৰ চেষ্টা চলোৱা হৈছে যদিও ফটকা ফুটাই কাঁহী-বাতি বজাই ফৰিং খেদাৰ চেষ্টা চলাইছে জনতাই।

You might also like