নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ ৰক্তচাপৰ বাবে হায়দৰাবাদ এপল’ত ভর্তি ৰজনীকান্ত

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ দক্ষিণৰ ছবি জগতত মেগাষ্টাৰ অভিনেতা ৰজনীকান্তক আজি উচ্চ ৰক্তচাপৰ বাবে হায়দৰাবাদৰ এপল’ হাস্পতালত ভর্তি কৰা হৈছে৷ ১৩ ডিচেম্বৰৰ পৰা হায়দৰাবাদত এখন ছবিৰ শ্বুটিঙত ব্যস্ত হৈ আছে অভিনেতাগৰাকী৷ হাস্পতালৰ সূত্রই তাৎক্ষণিকভাৱে ৰজনীকান্তৰ শৰীৰত ক’ভিড–১৯ৰ লক্ষণ দেখা নাই বুলি ঘোষণা কৰিছে৷ কিন্তু বিশেষজ্ঞ চিকিৎসকসকলে প্রতি মুহূর্ততে অভিনেতাগৰাকীৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছে৷

এপল’ হাস্পতালৰ পৰা প্রকাশ পোৱা এক বিবৃতি অনুসৰি আজি পুৱাৰ ভাগত অভিনেতাগৰাকীক ভর্তি কৰা হৈছে৷ হাস্পতালত থকা সময়ত ৰক্তচাপ সুস্থিৰ অৱস্থালৈ নহা পর্যন্ত অভিনেতাগৰাকীক নিৰীক্ষণত ৰখাৰ সিদ্ধান্ত লৈছে চিকিৎসকসকলে৷ ইফালে অভিনেতাগৰাকীক ৰক্তচাপৰ বাবেই সম্পূর্ণ জিৰণিৰ পৰামর্শও আগবঢ়াইছে চিকিৎসকসকলে৷

স্মর্তব্য যে নতুন ছবি ‘আন্নাটে’ৰ দৃশ্যগ্রহণ চলি আছিল হায়দৰাবাদত৷ কিন্তু ৰজনীকান্তৰ চাৰিগৰাকীকৈ কর্মী ক’ভিডত আক্রান্ত হোৱাৰ পাছত ২৩ ডিচেম্বৰৰ পৰা দৃশ্যগ্রহণ বন্ধ কৰা হৈছে৷

You might also like