আজি ৰাজীৱ গান্ধীৰ জন্ম দিৱস, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে এইদৰে জনালে শ্ৰদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ আজি ৰাজীৱ গান্ধীৰ ৭৫সংখ্যক জন্ম দিৱস। ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে জনায় শ্ৰদ্ধাঞ্জলি। তেওঁ টুইটত লিখে- ‘পূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি।’
আনহাতে ৰাজীৱ গান্ধীৰ পুত্ৰ তথা কংগ্ৰেছৰ পূৰ্বৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি বুলি উল্লেখ কৰে। বীৰভূমলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে টুইটযোগে ৰাহুল গান্ধীয়ে লিখে- ‘এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল ৰাজীৱ গান্ধী। তেওঁ আছিল এগৰাকী সহানুভূতিশীল আৰু মানৱ দৰদী ব্যক্তি। তেওঁক পিতৃ ৰূপে পাই মই নিজকে ভাগ্যৱান বুলি ভাবো। তেওঁৰ অভাৱ আজিৰ দৰে সদায়ে অনুভূত হৈ থাকিব।’
Rajiv Gandhi was a man with a tremendous vision, far ahead of his times. But above all else, he was a compassionate and loving human being.
I am incredibly lucky and proud to have him as my father.
We miss him today and everyday. pic.twitter.com/jWUUZQklTi
— Rahul Gandhi (@RahulGandhi) August 20, 2020
উল্লেখ্য আজিৰ দিনটোতে অৰ্থাত ২০ আগষ্ট, ১৯৪৪ চনত পূৰ্বৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে জন্মগ্ৰহণ কৰিছিল।