নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত দুর্বল নহয়, ৰাষ্ট্রীয় গৌৰৱৰ সৈতে আপোচ নকৰোঁ

নিয়মীয়া বাৰ্তা ১৫ জুনঃ দেশৰ সীমাক লৈ ভাৰতে কেতিয়াও আপোচ নকৰে বুলি দেওবাৰে স্পষ্ট কৰি দিয়ে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ লাডাখৰ সীমা বিবাদক লৈ চলি থকা বিতর্কৰ মাজতে চীনলৈ সাৱধানবাণী প্রেৰণ কৰি প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে ৰাষ্ট্রীয় গৌৰৱৰ সৈতে ভাৰতে কোনো পৰিস্থিতিতে আপোচ নকৰে৷ কাৰণ ভাৰত এতিয়া দুর্বল দেশ হৈ থকা নাই৷ ৰাষ্ট্রীয় সুৰক্ষাৰ ক্ষেত্রত আমাৰ শক্তি বৃদ্ধি পাইছে৷ অৱশ্যে আমাৰ এই শক্তিৰ অর্থ এইটো নহয় যে আমি কাৰোবাক ভয় দেখুৱাম৷ দেশক সুৰক্ষিত কৰাৰ বাবেহে আমি এই শক্তি আহৰণ কৰিছোঁ৷ তেওঁ বিৰোধী দলসমূহৰ সমালোচনাৰ উত্তৰ দি কয়– ‘আমি একো কথা লুকুৱাই নাৰাখোঁ৷ এল এ চিৰ পৰিস্থিতি সন্দর্ভত কাকো অন্ধকাৰত নাৰাখোঁ৷ সঠিক সময়ত সকলো কথা প্রকাশ কৰা হ’ব৷’ জম্মু–কাশ্মীৰত এক ভার্ছুৱেল ৰেলীত অংশ লৈ ৰাজনাথ সিঙে প্রকাশ কৰে যে চীনে ইতিমধ্যে বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ ইচ্ছা ব্যক্ত কৰিছে৷ ভাৰতেও সামৰিক আৰু কূটনৈতিক পর্যায়ত আলোচনাৰে বিষয়টো সমাধান কৰিব বিচাৰে৷ জম্মু–কাশ্মীৰৰ পৰিস্থিতিৰ সমাধান সূত্র উলিওৱা সন্দর্ভত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ উদ্ধৃতি দি ৰাজনাথ সিঙে কয় যে কাশ্মীৰীয়ত, ইনছানিয়ত আৰু জামহুৰিয়টৰ নীতিৰে সমস্যাৰ সমাধান কৰিব খোজে বিজেপিয়ে৷ পৰৱর্তী ৫ বছৰত কেন্দ্রীয়শাসিত অঞ্চলটোলৈ বহুতো পৰিৱর্তন আহি আছে বুলি উল্লেখ কৰি তেওঁ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰৰ প্রসংগও উত্থাপন কৰে৷ কংগ্রেছক এই সন্দর্ভত সমালোচনাৰ লক্ষ্য কৰি তেওঁ কয়– ‘৩৭০ অনুচ্ছেদটো সদায় অস্থায়ী ব্যৱস্থা হিচাপেই আছিল৷ যদি এই অনুচ্ছেদটো ইমানেই জৰুৰী আছিল, তেন্তে কংগ্রেছে ইয়াক স্থায়ী ব্যৱস্থাত পৰিণত নকৰিলে কিয়?’

You might also like