ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ঘোষণা কৰে যে, ছুপাৰষ্টাৰ ৰজনীকান্তক ২০২১ বৰ্ষৰ ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান কৰা হ’ব । প্ৰতি বছৰে ছবি জগতৰে জড়িত এগৰাকী স্বনামধন্য ব্যক্তিলৈ ‘দাদা চাহেব ফাল্কে বঁটা’ আগবঢ়োৱা হয় । চলিত বৰ্ষত আশা ভোছলে, মোহনলাল, বিশ্বজিৎ চেটাৰ্জী, শংকৰ মহাদেৱন আৰু সুভাষ ঘাইৰ জুৰীয়ে ৰজনীকান্তক এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত কৰে ।
মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয় যে, বিচাৰকসকলে সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিছিল যে, ৰজনীকান্তক ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান কৰা উচিত আৰু এই সিদ্ধান্তত সহমত প্ৰকাশ কৰিছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ।
উল্লেখ্য যে দাদা চাহেব ফাল্কে নামেৰে জনাজাত ধুণ্ডিৰাজ গোবিন্দ ফাল্কে এগৰাকী ভাৰতীয় প্ৰযোজক, পৰিচালক, চিত্ৰ নাট্যকাৰ আছিল । তেওঁ ভাৰতীয় ছবিৰ পিতৃ বুলি অভিহিত কৰা হয় ।তেওঁৰ প্ৰথম ছবি হৈছে “ৰাজা হৰিশচন্দ্ৰ” আৰু এই ছবিখন ১৯১৩ চনত মুক্তি লাভ কৰিছিল । এই ছবিখন ভাৰতৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি । তেওঁ ৯৫ খন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি আৰু ২৭ খন চুটি ছবি নিৰ্মাণ কৰিছিল । তেওঁৰ মোহিনী ভাস্মাসুৰ, সত্যবান সাবিত্ৰী, লংকা দাহন, শ্ৰী কৃষ্ণ জন্ম আৰু কালিয়া মৰ্দান আদি ছবিসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল ।
আজীৱন ছবি উদ্যোগটোলৈ আগবঢ়োৱা অৱদানৰ বাবে ধুণ্ডিৰাজ গোবিন্দ ফাল্কেলৈ সন্মান জনাই তেওঁৰ স্মৃতিত ভাৰত চৰকাৰে ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান কৰিবলৈ সিদ্ধান্ত লয় । প্ৰতি বছৰে ছবি জগতৰে জড়িত এগৰাকী লোকক এই সন্মানীয় বঁটা আগবঢ়োৱা হয় ।