দীপাৱলী উৎসৱৰ লেখীয়া হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন
শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাস–ভিএইচপিৰ পৰিকল্পনা
নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ ভূমি পূজন উৎসৱ দীপাৱলীৰ লেখীয়া উদ্যাপন কৰা হ’ব৷ শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাস আৰু বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) অযোধ্যাত দীপাৱলীৰ লেখীয়া উৎসৱ আয়োজন কৰাৰ লগতে সমগ্র উত্তৰ প্রদেশত উক্ত দিনা আগতীয়া দীপাৱলী উদ্যাপন হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভূমি পূজন কৰিবলগীয়া এই কার্যসূচীৰ দিনা অযোধ্যাৰ সকলো মন্দিৰ আটকধুনীয়াকৈ সজাই তোলা হ’ব আৰু সন্ধিয়া সকলো মন্দিৰতে মাটিৰ চাকি জ্বলোৱা হ’ব৷ তদুপৰি ৰাজ্যখনৰ সকলো মন্দিৰতে একে পদক্ষেপ লোৱা হ’ব বুলি ভিএইচপিৰ শীর্ষ কার্যকর্তাই প্রকাশ কৰিছে৷ উল্লেখ্য যে অযোধ্যাক ভগৱানৰ ৰামৰ জন্মভূমি হিচাপে বিশ্বাস কৰা হয়৷ সেয়েহে উক্ত দিনা স্থানীয় লোকক দীপাৱলী উদ্যাপনেৰে ভূমি পূজন কার্যসূচী ইতিহাসৰ সাক্ষী কৰিবলৈ আহ্বান জনাইছে সাধু–সন্তসকলে৷ উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়যোগে অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পথ প্রশস্ত কৰি দিছিল৷