গণৰাজ্য দিৱসৰ পেৰেডৰ শ্ৰেষ্ঠ প্ৰতীক পটৰ সন্মান কোনে পালে?
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ পেৰেড প্ৰত্যক্ষ কৰাৰা সকলোৰে হাবিয়াস থাকে। এনে পেৰেডত প্ৰদৰ্শিত হয় দেশৰ শৌৰ্য-বীৰ্যৰ লগতে কলা-সংস্কৃতি।
এইবাৰো প্ৰদৰ্শন হৈছিল ভিন্ন ৰাজ্যৰ প্ৰতীক পট। প্ৰতিবাৰৰ দৰে এইবাৰো শ্ৰেষ্ঠ প্ৰতীক পট ঘোষণা কৰা হৈছে। শ্ৰেষ্ঠ প্ৰতীক পটৰ সন্মান এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ ৰাজ্যই। উত্তৰ প্ৰদেশে ৰাম জনমভূমি অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ প্ৰতীক পটেৰে গণৰাজ্য দিৱসৰ পেৰেডত ভাগ লৈছিল।
এই প্ৰতীক পট পেৰেডত দেখি সকলোৱে স্বাগতম জনাইছিল আৰু শ্লোগান দিছিল জয় শ্ৰী ৰাম বুলি। প্ৰতীক পটত অযোধ্যাৰ দীপ উৎসৱৰ বর্ণনা কৰা হৈছিল। ইয়াৰ লগতে ভগৱান ৰামৰ নিশাদৰাজক আলিংগন, অহল্যাক ৰক্ষা, ভগৱান হনুমানে সঞ্জীৱনী লৈ অহা, জঁটায়ু-ৰামৰ গল্প ইত্যাদি অনেক কিছু চিত্রায়িত হৈছিল প্ৰতীক পটত।