নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ দেশৰ অন্যতম দলিত সম্প্ৰদায়ৰ ৰাজনীতিক, কেন্দ্ৰীয় মন্ত্ৰী তথা লোকজনশক্তি পাৰ্টীৰ প্ৰতিষ্ঠাপক ৰামবিলাস পাছোৱান আৰু নাই। নতুন দিল্লীৰ ব্যক্তিগত চিকিৎসালয়ত বৃহস্পতিবাৰে সন্ধিয়া পাছোৱানৰ পৰলোকপ্ৰাপ্তি ঘটে।
শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত ৰাষ্ট্ৰপতি কোবিন্দঃ
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কেন্দ্ৰীয় মন্ত্ৰী আৰু লোকজনশক্তি পাৰ্টীৰ নেতা ৰামবিলাস পাছোৱানৰ বাসগৃহত উপস্থিত হৈ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Delhi: President Ram Nath Kovind pays tribute to Union Minister and Lok Janshakti Party (LJP) leader #RamVilasPaswan at the latter’s residence. pic.twitter.com/6YpkbrBsFx
— ANI (@ANI) October 9, 2020
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীঃ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী আৰু LJP নেতা ৰামবিলাস পাছৱানক তেওঁৰ বাসগৃহত অন্তিম শ্ৰদ্ধাঞ্জলি জনায়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে LJP ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ চিৰাগ পাছোৱান আৰু পৰিয়ালটোক সাক্ষাৎ কৰে।
#WATCH Delhi: Prime Minister Narendra Modi pays last respects to Union Minister and LJP leader Ram Vilas Paswan at the latter’s residence.
The LJP leader passed away yesterday. pic.twitter.com/rDgRrHl7aT
— ANI (@ANI) October 9, 2020