ৰাম মন্দিৰ নির্মাণত কেৱল ভাৰতৰ জনতাৰ পুঁজিহে ব্যৱহাৰ হ’ব
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ দেশৰ সাধাৰণ জনতাৰ পৰা সংগ্রহ কৰা দান–বৰঙণি তথা পুঁজিৰে অযোধ্যাত ৰাম মন্দিৰ নির্মাণ কৰা হ’ব৷ শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসে জনসাধাৰণৰ পৰা বৰঙণি সংগ্রহ কৰিবলৈ বিশেষ আঁচনি গ্রহণ কৰিছে৷ এইক্ষেত্রত দেশৰ জনসাধাৰণৰ সৈতে গঢ়ি তোলা হ’ব সম্পর্ক৷ ন্যাসৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে উল্লেখ কৰা অনুসৰি বিদেশৰ পৰা কোনো ধৰণৰ পুঁজি ৰাম মন্দিৰ নির্মাণৰ বাবে গ্রহণ কৰা নহ’ব৷ মন্দিৰটো নির্মাণ কৰিবলৈ ইতিমধ্যে ন্যাসে দেশৰ জনসাধাৰণৰ সৈতে সম্পর্ক স্থাপন কৰি বৰঙণি সংগ্রহৰ চিন্তা–চর্চা চলোৱা বুলিও ৰায়ে উল্লেখ কৰিছে৷ ৰাম মন্দিৰ প্রকৃতার্থত এক ‘ৰাষ্ট্র মন্দিৰ’ হিচাপে গঢ়ি তোলা হ’ব বুলিও ন্যাসৰ সাধাৰণ সম্পাদকগৰাকীয়ে ঘোষণা কৰিছে৷ আগন্তুক ১৫ জানুৱাৰীৰ পৰা ২৭ ফেব্রুৱাৰীলৈ দেশবাসীৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ ‘শ্রীৰাম মন্দিৰ নিধি সমর্পণ’ অভিযান আৰম্ভ কৰা হ’ব বুলিও সংবাদ মাধ্যমক জনাইছে ৰায়ে৷