নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰত্যাশা সত্ত্বেও বক্স অফিচত বিফল ৰণবীৰ সিঙৰ ’83’, হৈছে ইমান কোটিৰ লোকচান!

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ৰণবীৰ সিং, দীপিকা পাডুকন, পংকজ ত্ৰিপাঠী অভিনীত কবীৰ খানৰ ক্ৰীড়াধৰ্মী ছবি ‘৮৩’য়ে বক্স অফিচৰ অভিলেখ ভংগ কৰিব বুলি আশা কৰা হৈছিল। অৱশ্যে ছবিখনক লৈ যি ফলাফল আশা কৰা হৈছিল সেই আশা পূৰণ কৰিব নোৱাৰিলে। ছবিখনে এতিয়ালৈকে ৯ দিনত বক্স অফিচত মাত্ৰ ৭৯.৪৬ কোটি টকা সংগ্ৰহ কৰিছে। ভাৰতীয় বক্স অফিচৰ মতে, ‘৮৩’ ৰ দৰ্শকৰ সংখ্যা অতি কম আৰু প্ৰথম সপ্তাহত খুব কম ৩৮ লাখ টিকটহে বিক্ৰী হৈছে। এই সংখ্যাটো শ্বাহৰুখ খানৰ ‘জিৰো’ (৬৯ লাখ টিকট)তকৈও যথেষ্ট কম, যিখন ছবি বক্স অফিচত ফ্লপ হৈছিল।

ছবি সমালোচকসকলৰ মতে এই ছবিখন ফ্লপ হোৱাৰ কাৰণসমূহৰ ভিতৰত এটা হৈছে দেশজুৰি পুনৰ কভিড-১৯ৰ বৰ্ধিত ঘটনা। কভিডৰ বাবে বিশেষকৈ দিল্লীকে ধৰি কেইবাখনো চহৰত ছবিগৃহ বন্ধ ৰখাৰ অন্তৰালত ‘৮৩’ অধিক লোকচানৰ সন্মুখীন হৈছে। Boxofficeindia.com মতে, ‘৮৩’ৰ প্ৰায় ৫০ কোটি টকাৰ লোকচান হ’ব পাৰে।

You might also like