নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰবীনা টেণ্ডনৰ পিতৃৰ বিয়োগ

অভিনেত্ৰী ৰবীনা টেণ্ডনৰ পিতৃ ৰবী টেণ্ডনৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। বাৰ্ধক্যজনিত নানা অসুস্থতাত ভুগি আছিল তেওঁ। শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে জুহুৰ বাসভৱনত। পিতৃ বিয়োগৰ খবৰ অনুৰাগীক খোদ জনাইছে ৰবীনাই। ছ’চিয়েল মিডিয়াত পিতৃৰ সৈতে একাধিক ফটো দি লিখিছে- তুমি গোটেই জীৱন আমাৰ সৈতে থাকিবা। তুমি আমাৰ হৃদয়ত সদায়ে জীৱীত। তোমাক কেতিয়াও যাব নিদিওঁ। ৰবীনাৰ পিতৃ পেছাত এজন পৰিচালক তথা প্রযোজক আছিল।

You might also like