নিয়মীয়া বাৰ্তা ২৫ মেঃ সপ্তাহটোৰ বিৰতিৰ পাছতে দ্বিতীয়টো সামুদ্রিক ধুমুহাৰ মোকাবিলা কৰিবলৈ সাজু হৈছে কেন্দ্রীয় চৰকাৰে৷ প্রথমটো সামুদ্রিক ধুমুহা টাউটিয়ে মহাৰাষ্ট্র, গুজৰাট, কর্ণাটক, গোৱা আদি ৰাজ্যত সংহাৰ সৃষ্টি কৰাৰ পাছত এইবাৰ বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত ভয়ংকৰ সামুদ্রিক ধুমুহা যশৰ উৎপত্তি হৈছে৷ যশে ওড়িশা, পশ্চিমবংগ, অন্ধ্র প্রদেশ, তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি সতর্কবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে৷ ঘণ্টাত ১৮৫ কিলোমিটাৰ পর্যন্ত বেগত আহিবলগীয়া এই ধুমুহাই লগত কঢ়িয়াই আনিব মুষলধাৰ বৰষুণ৷ ইতিমধ্যে এন ডি আৰ এফৰ ৯৯টা দলক চাৰিখন ৰাজ্য তথা আন্দামান–নিকোবৰত মোতায়েন কৰিছে কেন্দ্রীয় চৰকাৰে৷ অকল ওড়িশাতে মোতায়েন কৰা হৈছে ১৮টা এন ডি আৰ এফ কর্মীৰ দল৷