‘ৰিয়েলী ছ’ৰীঃ চকুলো টুকি ক্ষমা ভিক্ষা মাগিলে কিম জং উনে
উত্তৰ কোৰিয়াবাসীৰ আস্থাক মূল্য দিব নোৱাৰিলোঁ
নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ কঠোৰ–নির্দয় শাসকৰ চকুলো৷ নজিৰবিহীন ঘটনা এটা সংঘটিত হ’ল উত্তৰ কোৰিয়াত৷ দেশ শাসনৰ বাবে কঠোৰতকৈ কঠোৰতম সিদ্ধান্ত গ্রহণ কৰা উত্তৰ কোৰিয়াৰ একছত্রী সম্রাট কিম জং–উনে ভাষণৰ সময়ত চকুলো টোকা দৃশ্য বিশ্বজুৰি চর্চিত হৈছে৷ শাসকীয় দলৰ ৭৫সংখ্যক বার্ষিকী উপলক্ষে ভাষণৰত অৱস্থাত প্রথমবাৰৰ বাবে আৱেগিক হৈ চকুলো টুকিলে একছত্রী শাসক কিম জং–উনে৷ চকুলো টোকাই নহয়, কিম জং–উনে দেশবাসীৰ ওচৰত ক’ৰোনা মহামাৰীৰ সময়ত তেওঁ থিয় দিব নোৱাৰা বাবে ক্ষমাও খুজিলে৷ ভাষণৰ সময়ত আৱেগিক হৈ পৰা শাসক কিম জং–উনে ক’লে– ‘ৰিয়েলী ছ’ৰী’৷ তেওঁ দেশবাসীৰ আস্থাক মূল্য দিব নোৱাৰিলে৷ ভাষণ দি থাকোঁতেই উনে তেওঁৰ চশমা আঁতৰাই লৈ চকুলো টোকা দৃশ্যৰ ভিডি’ই সমগ্র বিশ্বত এতিয়া চর্চাৰ বিষয় হৈ উঠিছে৷ ‘দ্য গার্জিয়ান’ কাকতত উত্তৰ কোৰিয়াৰ শাসক উনক লৈ এই বাতৰি প্রচাৰ হৈছে৷ উল্লেখ্য যে যোৱা শনিবাৰে উত্তৰ কোৰিয়াই সেনাবাহিনীৰ বিশাল পেৰেডৰ সময়ত পূর্বতে দেশখনে ৰাজহুৱা নকৰা বিশাল ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল (আই চি এম বি) প্রদর্শন কৰি বিশ্ববাসীক চমক দিয়াৰ দুদিন পাছত একছত্রী সম্রাট উনে চকুলো টোকা নজিৰবিহীন দৃশ্য এটাও প্রত্যক্ষ কৰিলে৷ শাসকীয় দলৰ ৭৫সংখ্যক বার্ষিকী উপলক্ষে ভাষণ দি কিম জং–উনে তেওঁৰ বংশৰ শাসকসকলে কৰা মহান কর্মৰাজিৰ ব্যাখ্যা কৰে৷ শাসক উনে কয়– মহান কমৰেড কিম ইল ছাং আৰু কিম জং ইলৰ কর্মৰাজি আগবঢ়াই নিয়াৰ বাবে দেশক নেতৃত্ব দিয়াৰ দায়িত্ব লাভ কৰি তেওঁ উৎসাহী৷ এই আস্থাৰ বাবে দেশৰ সকলো জনতাক ধন্যবাদ৷ কিন্তু মোৰ পদক্ষেপ আৰু কার্যদক্ষতাই দেশৰ জনতাৰ জীৱনলৈ অহা জটিল সময়ৰ বাবে পর্যাপ্ত নহ’ল৷ তদুপৰি শাসক উনে দক্ষিণ কোৰিয়াৰ সৈতে সম্পর্ক উন্নীত কৰাৰ আকাংক্ষা প্রকাশ কৰে৷ তাৎপর্যপূর্ণ যে চিৰপ্রতিদ্বন্দ্বী আমেৰিকা যুক্তৰাষ্ট্রক প্রত্যক্ষভাৱে কোনো সমালোচনা নকৰিলে উনে৷ উনুকিয়াব পাৰি যে দেশবাসীক সম্বোধন কৰি চকুলো টোকা কিম জং–উনৰ এই আচৰণ সঁচা নে আন কিবা ৰহস্য লুকাই আছে, সেয়া পৰৱর্তী সময়ত স্পষ্ট হ’ব৷ কিয়নো একছত্রী সম্রাট উনে মাজে–সময়ে দেশবাসীক আশ্চর্য প্রকাশ কৰিবলৈ আত্মগোপন কৰি থাকে আৰু বিশ্বজুৰি তেওঁৰ মৃত্যু ঘটা বুলি চর্চা চলে৷