নিয়মীয়া বাৰ্তা, ২৫ মেঃ ক’ভিড–১৯ টিকাকৰণৰ কাৰেণ ১৮–৪৪ বছৰীয়াই কো–উইনযোগে ক’ভিড কেন্দ্রতে ভেকচিনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব আৰু থিতাতেই ভেকচিন লোৱাৰ সুযোগ পাব৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই ঘোষণা কৰিছে৷ চৰকাৰৰ দ্বাৰা পৰিচালিত ভেকচিন কেন্দ্রসমূহতো এই সুবিধা লাভ কৰিব পাৰিব বুলিও প্রকাশ কৰিছে৷ ব্যক্তিগত চিকিৎসালয়ৰ টিকাকৰণ কেন্দ্রত এনেধৰণৰ সুবিধা নাথাকিব৷ ব্যক্তিগত চিকিৎসালয়ৰ টিকাকৰণ কেন্দ্রত পূর্বৰ দৰেই অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ চৰকাৰী টিকাকৰণ কেন্দ্রত এই সুবিধা আজি ঘোষণা কৰিছে৷