নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদিনে ৫০ মেট্রিকটন অক্সিজেন যোগান ধৰিব সাৰ কোম্পানীয়ে

নিয়মীয়া ২৯ এপ্ৰিলঃ ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰত অক্সিজেন তথা বিভিন্ন জীৱনদায়িনী দৰবৰ তীব্র নাটনি হোৱা সময়তে দেশৰ সাৰ প্রস্তুত কোম্পানীসমূহে প্রতিদিনে গুৰুতৰভাৱে অসুস্থ ক’ভিড ৰোগীসকলৰ বাবে ৫০ মেট্রিকটনকৈ অক্সিজেন যোগান ধৰাৰ সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে ৰাজধানী দিল্লীকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ হাস্পতালত অক্সিজেনৰ নাটনিৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনকি অক্সিজেনৰ অভাৱতেই বহু ক’ভিড ৰোগীৰ মৃত্যু হৈছে দিল্লী আৰু মহাৰাষ্ট্রত৷

বুধবাৰে কেন্দ্রীয় ৰসায়ন তথা সাৰ বিভাগৰ মন্ত্রী মলছুখ মান্দাভিয়াই এই কথা সদৰী কৰিছে৷ মন্ত্রীগৰাকীয়ে সাৰ কোম্পানীসমূহক এই দুর্যোগৰ সময়ত জনসাধাৰণক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনোৱাৰ পাছতে কোম্পানীসমূহে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে সাৰ কোম্পানীসমূহে এই সিদ্ধান্ত লোৱাৰ পাছত দেশৰ হাস্পতালসমূহত অক্সিজেনৰ নাটনিৰ কিছু জোৰা মাৰিব পৰা যাব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ মন্ত্রালয়ৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে যে মন্ত্রীগৰাকীৰ অনুৰোধক দেশৰ প্রতিটো সাৰ কোম্পানীয়ে ইতিবাচক দৃষ্টিৰে গ্রহণ কৰি ক’ভিড যুঁজৰ অংশীদাৰ হ’বলৈ আগ্রহ প্রকাশ কৰিছে৷

You might also like