ৰাষ্ট্রসংঘত থকা ম্যানমাৰৰ কূটনীতিকক অপসাৰণ
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ৰাষ্ট্রসংঘত থকা ম্যানমাৰৰ কূটনীতিকগৰাকীক অপসাৰণ কৰিছে দেশখনৰ সামৰিক শাসকে৷
বিশ্বৰ সর্বোচ্চ সংস্থাটোত ম্যানমাৰৰ সামৰিক শাসকক ক্ষমতাৰ পৰা অপসাৰণৰ বাবে সহায় বিচাৰিছিল কূটনীতিকগৰাকীয়ে৷ সামৰিক বাহিনীৰ বিৰুদ্ধে ভাষণ দিয়াৰ বাবেই কূটনীতিকগৰাকীক অপসাৰণ কৰা হৈছে বুলি দেশখনৰ সেনা শাসকে এক বিবৃতিত সদৰী কৰিছে৷
কূটনীতিক কিয়াও মো টুনে এক আৱেগিক ভাষণত উল্লেখ কৰিছিল যে দেশৰ জনসাধাৰণে সামৰিক বাহিনীৰ সৈতে সহযোগিতা কৰা উচিত নহয়৷ যেতিয়ালৈকে সেনাই দেশখনৰ ক্ষমতা গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰক অর্পণ নকৰে, তেতিয়ালৈকে দেশবাসীয়ে সেনাক কোনো কার্যতে সহযোগিতা কৰিব নালাগে বুলি উল্লেখ কৰিছিল টুনে৷