নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাঞ্চল্য, মহেশ ভাট–ৰিয়াৰ হোৱাটছএপ চাটিং ৰাজহুৱা

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ লগত বাৰে বাৰে সাঙোৰ খাই আছে মহেশ ভাট আৰু ৰিয়া চক্ৰৱৰ্তীৰ নাম। এনে এক সময়তে দুয়োগৰাকীৰ মাজত হোৱা হোৱাটছ এপ ছাটিং ৰাজহুৱা হল প্ৰথমবাৰৰ বাবে। এই ছাটিং ৰাজহুৱা হোৱাৰ পিছত অন্ততঃ জানিব পৰা গ’ল যে সুশান্তৰ লগত ৰিয়াৰ বিচ্ছেদত মহেশ ভাটৰ আছিল বিশেষ হস্তক্ষেপ।

উল্লেখ্য যে মহেশ ভাট আৰু ৰিয়াৰ সঘন হোৱাট্ছএপ বার্তালাপ হৈছিল ৯ জুন আৰু ১৫ জুনৰ মাজত৷ আনহাতে ১৪ জুনত মৃত্যু হৈছিল সুশান্তৰ৷ মহেশ ভাট আৰু ৰিয়াৰ হোৱাট্ছএপ বার্তালাপৰ পৰা স্পষ্ট ধাৰণা হয় যে সুশান্তৰে সম্পর্ক ছেদ কৰাত অভিনেত্রীগৰাকীক উৎসাহ দিছিল ছবি নির্মাতাজনে৷ দুয়োৰে মাজৰ ঘনিষ্ঠতাৰো আভাস পোৱা যায় এই বার্তালাপত, য’ত মহেশ ভাটক এঞ্জেল বুলি সম্বোধন কৰিছে ৰিয়াই৷

এটা হোৱাট্ছএপত ৰিয়াই মহেশ ভাটক কৃতজ্ঞতা জনাই লিখিছে– ‘হোৱাট উড আই ডু উইডাউট ইউ মাই এঞ্জেল৷ আই লাভ ইউ ছাৰ৷ ইউ ছেভড মি এগেইন৷’ স্মর্তব্য যে ৮ জুনত সুশান্তৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ গুচি আহিছিল লিভ–ইনত থকা ৰিয়া৷ সেয়ে ৯ জুনৰ পৰা আৰম্ভ হোৱা এই সঘন হোৱাট্ছএপ বার্তালাপ তাৎপর্যপূর্ণ৷ তদুপৰি ৰিয়াই দাবী কৰিছিল– সুশান্তই নিজেই ৰিয়াক ঘৰলৈ যোৱাৰ কথা কৈছিল৷ কাৰণ সুশান্তৰ লগত থাকিবলৈ বায়েক অহাৰ কথা আছিল৷

কিন্তু হোৱাট্ছএপত ৰিয়াই মহেশ ভাটক জনায়– তেওঁ নিজেই সুশান্তক এৰি গুচি আহিছে৷ সুশান্তৰ মৃত্যুৰ দিনা পুৱা ৯.৩৫ বজাত মহেশ ভাটলৈ হোৱাট্ছএপ কৰিছিল ৰিয়াই৷ ২.৩৫ বজাত ৰিয়াক মেছেজ দি মহেশ ভাটে ফোনত যোগাযোগ কৰিবলৈ কৈছিল৷ ইপিনে, ৮ জুনত সুশান্তৰ ঘৰৰ পৰা আহিয়ে মহেশলৈ মেছেজ দি ৰিয়াই কৈছিল– ‘এইছা ম’ভছ অন ছাৰ৷ উইথ এ হেভী হার্ট এণ্ড চেঞ্জ অৱ ৰিলিফ’ স্বাভাৱিকতে এনে কথোপকথনে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চিবিআইৰ তদন্তৰ আওতালৈ এই কথোপকথন অহাটো নিশ্চিত হৈ পৰিছে৷

You might also like