জনতা কাৰ্ফিউৰ দিনা ঋষি কাপুৰেও বজাইছিল থালী; ট্ৰেণ্ডিঙত TikTok ৰ এটা ভিডিঅ’
নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ বলীউদৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰ আৰু নাই। ৬৭ বছৰ বয়সত আজি মৃত্যু হয় বিশিষ্ট অভিনেতাজনৰ। জনপ্ৰিয় অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ অনুৰাগীসকলে আজি ছ’চিয়েল মিডিয়াত চেয়াৰ কৰিছে তেওঁৰ জীৱনৰ বিভিন্ন সময়ৰ ফটো । ইয়াৰ সমান্তৰালকৈ TikTok ত ভাইৰেল হৈছে এটা ভিডিঅ’ ।
TikTok ত ভাইৰেল হোৱা এই ভিডিঅ’টোত ঋষি কাপুৰে তেওঁৰ ঘৰৰ বেলকনিত থিয় হৈ এখন থালী বজাই আছে । দৰাচলতে লকডাউনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰনা ভাইৰাছৰ প্ৰতিৰোধৰ যুঁজখনত সেৱা আগবঢ়াই থকা স্বাস্থ্যকৰ্মীসকলক সন্মান প্ৰদৰ্শন কৰাৰ বাবে দেশৰ জনসাধাৰণক ৫ মিনিটৰ বাবে থালী বজাবলৈ অনুৰোধ কৰিছিল । কোটি কোটি ভাৰতবাসীৰ লগতে সেই বিশেষ দিনটোত ঋষি কাপুৰেও ঘৰৰ বাৰান্দাত থিয় হৈ এখন থালী বজাই স্বাস্থ্যকৰ্মীসকললৈ সন্মান প্ৰদৰ্শন কৰিছিল ।
সম্প্ৰতি টিকটকত ইয়াৰে এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বাতৰি লিখা পৰলৈকে ৬ কোটি ৯০ লাখবাৰ এই বিশেষ ভিডিঅ’টো চোৱা হৈছে ।
@priyasah709##india tik tok♬ original sound – user681803099