নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত মহাজোঁটৰ বিজয়ে কঢ়িয়াই আনিব নতুন সূর্যোদয়

আৰজেডি নেতা তেজস্বী যাদৱৰ মন্তব্য

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ বিহাৰ বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ পূর্বে মহাজোঁটৰ মুখ্যমন্ত্রী পদৰ প্রার্থী তেজস্বী যাদৱে উল্লেখ কৰিছে যে বিধানসভা নির্বাচনৰ ইছ্যুভিত্তিক প্রচাৰ চলাইছে আৰ জে ডিয়ে৷

এই ইছ্যুভিত্তিক প্রচাৰত ৰাজ্যখনৰ জনসাধাৰণে সমর্থন জনোৱা বুলিও উল্লেখ কৰিছে নেতাগৰাকীয়ে৷ আগন্তুক ১০ নৱেম্বৰত নির্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনাই বিহাৰত নতুন সূর্যোদয়ৰ পুৱা দেখিবলৈ পোৱা যাব বুলিও উল্লেখ কৰিছে তেজস্বীয়ে৷

তেজস্বী যাদৱৰ মতে আগন্তুক নির্বাচনত মহাজোঁটে দুই–তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যত চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিব৷ চৰকাৰ গঠন কৰিয়েই প্রথম বিধানসভা অধিৱেশনত কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা কৃষকবিৰোধী তিনিখন আইন বর্জন কৰাৰ বাবে এক বিধেয়ক উত্থাপন কৰিব বুলিও নির্বাচনত প্রথম পর্যায়ৰ ভোটগ্রহণৰ পূর্বে মন্তব্য কৰিছে নেতাগৰাকীয়ে৷

ইফালে, নীতিশ কুমাৰৰ বিৰুদ্ধে নির্বাচনৰ আগদিনাখনো ক্ষুৰধাৰ মন্তব্য আগবঢ়ায় আৰ জে ডিৰ নেতাগৰাকীয়ে৷

You might also like