পথ দুৰ্ঘটনাৰ বাবে জৰিমনা ভৰিব লাগিব পথ নিৰ্মাণ কোম্পানী বা ঠিকাদাৰে, নতুন আইন
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ পথ সুৰক্ষাৰ নিশ্চিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন অনন্য আইন প্ৰণয়ন কৰিছে। এই আইন অনুযায়ী এতিয়া পথ দুৰ্ঘটনাৰ বাবে কোনো লোকৰ মৃত্যু ঘটিলে পথ নিৰ্মাণত জড়িত কোম্পানীক দোষী সাব্যস্ত কৰা হ’ব। কোম্পানী বা ঠিকাদাৰে লাখ পৰ্যায়ত জৰিমনা ভৰিব লাগিব পাৰে এই আইন মতে।
দুৰ্ঘটনাৰ বাবে আনকি পথ নিৰ্মাণৰে জড়িত ইঞ্জিনীয়াৰ, কনছালটেণ্ট আদিও আইনী আওতাত সোমাই পৰিব। এই বছৰতে অৰ্থাত ২০২০ৰ সংশোধিত অধিনিয়মৰ ছেক্সন ১৯৮ত সন্নিৱিষ্ট এই নিয়ম সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰযোজ্য।
ইয়াৰ বাহিৰেও পথ দুৰ্ঘটনাৰ পিছত সহায়ৰ বাবে আগবাঢ়ি অহা লোকক আৰক্ষীয়ে নিজ পৰিচয় তথা ঠিকনা প্ৰদানৰ বাবে চাপ দিব নোৱাৰিব। এইক্ষেত্ৰত যান-বাহনৰ নতুন আইনে সহায়কাৰী ব্যক্তিক সুৰক্ষা প্ৰদান কৰিব। অৱশ্যে সহায়কাৰী ব্যক্তিয়ে নিজ ইচ্ছা অনুযায়ী পৰিচয়-ঠিকনা দিলে দিব পাৰিব, কিন্তু আৰক্ষী বা আন ব্যক্তিয়ে তেওঁক পৰিচয়ৰ বাবে জোৰ কৰিব নোৱাৰিব।