সবাতোকৈ বিলাসী গাড়ীখন কিনিলে ৰোহিত শৰ্মাই, দাম জানেনে
বিশেষ বাৰ্তা, ২ মাৰ্চঃ মেন ইন ব্লু। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে ৰোহিত শর্মাই একেলগেই তিনিওটা ফৰ্মতে নতুন দায়িত্ব পাইছে৷ তেওঁক লৈ আৰু এটা ডাঙৰ খবৰ ওলাইছে। এখন বহু মূল্যৱান গাড়ী কিনিছে ভাৰতীয় ক্রিকেট দলৰ নতুন অধিনায়কে৷ ৰোহিত শর্মাই যিখন গাড়ী কিনিছে সেইখন আঙুলিৰ মূৰত গণিব পৰা কেইজনমান ভাৰতীয় চেলিব্ৰিটীৰ ঘৰতহে আছে৷ দক্ষিণৰ তাৰকা অভিনেতা জুনিয়ৰ এনটিআৰৰ পাছত এই লেম্বোৰগিনি (Lamborghini) গাড়ীখন কিনিছে ৰোহিত শর্মাই৷ এনটিআৰৰ গাড়ীৰ ৰং ক’লা। কিন্তু ৰোহিত শর্মাৰ গাড়ীখন ভাৰতীয় ক্রিকেট দলৰ জাৰ্ছীৰ ৰঙৰ সৈতে মিলাই নীলা ৰঙৰ৷ প্ৰকাশিত তথ্য অনুসৰি ৰোহিতৰ গাড়ীখনৰ দাম প্রায় চাৰে তিনি কোটি টকা৷ ৰোহিত শর্মাই প্রথমবাৰলৈ নীলা ৰঙৰ গাড়ী কিনা নাই, এই ৰঙৰ বিএমডব্লিউ গাড়ীও আছে তেওঁৰ৷ দেশত বিলাসী গাড়ীৰ হিচাপ কৰিলে লেম্বোৰগিনি সকলোতকৈ ওপৰত৷ ৰোহিত শর্মাৰ আগতে ৰণবীৰ সিং, কার্তিক আৰিয়ান, ৰোহিত ছেট্টীয়ে গাড়ীখন কিনিছে৷