নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ বজাৰত মূল্যবৃদ্ধিৰ জুয়ে সাধাৰণ ৰাইজক দহি নিয়াৰ সময়তে পুনৰ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য৷ সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাই ১৪.২ কিলোগ্রাম এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হ’ল ৫০ টকা৷ সেইদৰে ৫ কিলোগ্রামৰ চিলিণ্ডাৰত বৃদ্ধি পাব ১৮ টকা৷
আনহাতে, ১৯ কিলোগ্রামৰ চিলিণ্ডাৰত মূল্যবৃদ্ধি ঘটিছে ৩৬.৫০ টকা৷ ভাৰতীয় তৈল নিগমে প্রকাশ কৰা অনুসৰি এতিয়াৰে পৰা দিল্লীত ৰাজ সাহায্যবিহীন ১৪.২ কিলোগ্রাম গেছ চিলিণ্ডাৰৰ মূল্য হ’ব ৬৪৪ টকা৷ আনহাতে, একেধৰণৰ চিলিণ্ডাৰৰ মূল্য কলকাতাত ৬৭০, মুম্বাইত ৬৪৪ আৰু চেন্নাইত ৬৬০ টকা হ’ব৷ মূল্যবৃদ্ধিৰ পূর্বে একেটা চিলিণ্ডাৰৰ দিল্লীত মূল্য হৈছে ৫৯৪ টকা৷ সেইদৰে কলকাতাত ৬২০, মুম্বাইত ৫৯৪ আৰু চেন্নাইত ৬১০ টকা মূল্যত পূর্বে ক্রয় কৰিছিল গ্রাহকে৷ একেদৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে ৫৪.৫০ টকা৷ এতিয়াৰে পৰা দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ১,২৯৬ টকা৷
উল্লেখ্য যে এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য চৰকাৰী তৈল প্রতিষ্ঠানসমূহে নির্ধাৰণ কৰি আহিছে৷ প্রতিমাহে পুনৰীক্ষণৰ ভিত্তিত তেওঁলোকে এই মূল্য নির্ধাৰণ কৰে৷ দেশত প্রতিটো পৰিয়ালৰ এবছৰত সর্বাধিক ১২টা চিলিণ্ডাৰ ৰাজসাহায্যযুক্ত মূল্যত ক্রয় কৰিব পাৰে৷ এক নির্দিষ্ট ব্যৱস্থাৰ মাজেৰে তেওঁলোকক ৰাজসাহায্য ঘূৰাই দিয়া হয়৷ এল পি জি চিলিণ্ডাৰৰ মূল্য আন্তঃৰাষ্ট্রীয় বজাৰত এল পি জিৰ মূল্য আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ হিচাপত নির্ধাৰণ কৰা হয়৷