নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ‘ডিস্কো ডেঞ্চাৰ’ খ্যাত প্রবীণ অভিনেতা মিথুন চক্রৱর্তীয়ে পুনৰ ৰাজনীতিত প্রৱেশ কৰিব নেকি বংগৰ গৌৰৱ মিথুন চক্রৱর্তীৰ গেৰুৱা বসন পিন্ধি পুনৰ সক্রিয় ৰাজনীতিলৈ আগমন ঘটিব নেকি পশ্চিমবংগ বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ কাউণ্ট–ডাউন আৰম্ভ হোৱাৰ সময়তে ৰাজ্যসভাৰ একালৰ তৃণমূল কংগ্রেছ সাংসদ অভিনেতা মিথুন চক্রৱর্তীক আজি সাক্ষাৎ কৰে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী মোহন ভাগৱতে৷ বিজেপিৰ ৰাজনৈতিক আদর্শগুৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে অভিনেতা চক্রৱর্তীৰ মুম্বাইস্থিত বাসগৃহত সাক্ষাৎ কৰাৰ পিছতেই পশ্চিমবংগৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে৷ অভিনেতা চক্রৱর্তীৰ মুম্বাই মধৰ বাসগৃহত মঙলবাৰে পুৱা আৰএছএছৰ মুৰব্বীগৰাকী উপস্থিত হয়৷
আৰএছএছৰ মুৰব্বী ভাগৱত আৰু অভিনেতা চক্রৱর্তীৰ এই বৈঠকৰ পিছত অভিনেতাগৰাকীয়ে ৰাজনীতিত পুনৰ প্রৱেশ কৰিব নেকি, তাক লৈ ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে৷ পশ্চিমবংগৰ সন্তান মিথুন চক্রৱর্তীয়ে মুম্বাইলৈ আহি প্রতিষ্ঠিত হোৱাৰ সময়ৰে পৰা আজিলৈকে দেশৰ পূব প্রান্তৰ ৰাজ্যখনত অভিনেতাজনৰ প্রচুৰ জনপ্রিয়তা আছে৷ ইতিমধ্যে পশ্চিমবংগৰ শাসকীয় দল তৃণমূল কংগ্রেছৰ মন্ত্রী–বিধায়ক–নেতা লগতে প্রাক্তন সাংসদে দল এৰি গেৰুৱা দল তথা বিজেপিত যোগদান কৰিছে৷ এনে ক্ষণতে তৃণমূলৰ প্রাক্তন ৰাজ্যসভাৰ সাংসদ চক্রৱর্তীক আৰএছএছৰ মুৰব্বী ভাগৱতে বাসগৃহলৈ গৈ সাক্ষাৎ কৰাটো তাৎপর্যপূর্ণ৷
ভাগৱতৰ সৈতে বার্তালাপক লৈ সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত অভিনেতা চক্রৱর্তীয়ে ৰাজনীতিত পুনৰ যোগদান কৰাৰ ইচ্ছা নাই বুলি মন্তব্য কৰি কয়– মোহন ভাগৱতৰ সৈতে মোৰ আধ্যাত্মিক সংযোগ আছে৷ লক্ষ্ণৌত মই তেওঁক লগ পাইছিলোঁ আৰু সেই সময়তে মই তেওঁক মুম্বাইত থাকিলে মোৰ বাসগৃহলৈ আহিবলৈ অনুৰোধ জনাইছিলোঁ৷ মোৰ নিমন্ত্রণ ৰক্ষা কৰিহে ইয়ালৈ আহিছে৷ ইয়াৰ কোনো ৰাজনৈতিক লক্ষ্য নাই৷
মন কৰিবলগীয়া যে ২০১৪ চনত মিথুন চক্রৱর্তীয়ে ৰাজনীতিত প্রৱেশ কৰিছিল আৰু সেই বছৰতেই চক্রৱর্তীক তৃণমূল কংগ্রেছে সাংসদ হিচাপে ৰাজ্যসভালৈ নির্বাচিত কৰিছিল৷ অৱশ্যে চক্রৱর্তীয়ে ২০১৬ চনত ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰি ৰাজনীতি এৰিছিল৷