নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো সকীয়নি আওকাণ কৰি ইউক্ৰেইন আক্ৰমণ ৰাছিয়াৰ

বিশেষ বাৰ্তা, ২৪ফেব্ৰুৱাৰীঃ সকলোকে আশংকাক সঁচা প্ৰমাণিত কৰি অৱশেষত ৰাছিয়াই আক্ৰমণ কৰিলে ইউক্ৰেইনক। ৰুচ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনী সেনাক অস্ত্ৰএৰি ঘৰলৈ যাবলৈ সকীয়াই দি সামৰিক অভিযান আৰম্ভ কৰিলে। পুটিনৰ সকীয়নিৰ পাছতে ইউক্ৰেইনৰ ৰাজধানী কিভ আৰু বন্দৰ চহৰ মাৰিঅ’পুলত শক্তিশালী বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইমানৰ পাছতো পুটিনে বাৰে বাৰে কৈ আছে যে তেওঁলোকে ইউক্ৰেইন দখল নকৰে, অসামৰিক অঞ্চল কৰিবহে বিচাৰিছে। উল্লেখনীয় যে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিশেষ সদনৰ কেইঘণ্টা পাছতে ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰিছে। ইয়াৰ কিছু সময় আগতে ইউক্ৰেইনী ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে আবেগিক আহ্বান জনাই ৰাছিয়াক এনে এখন যুদ্ধৰ সুত্ৰপাত নকৰিবলৈ কয়।

You might also like