নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াই পুনৰ চাৰিটা ক’ভিড ভেকচিন প্রস্তুত কৰি আছেঃ পুটিন

নিয়মীয়া বাৰ্তা ২১ জুনঃ ৰাছিয়াই পুনৰ ক’ভিড ভেকচিন প্রস্তুত কৰি আছে৷ স্পুটনিক–ভি ভেকচিনৰ পিছত অন্য কেইবাটাও ভেকচিন দেশখনৰ বিশেষজ্ঞসকলে শীঘ্রে প্রস্তুত কৰি উলিয়াব বুলি ধাৰণা কৰা হৈছে৷ ৰাছিয়াৰ ভ্লাডিমিৰ পুটিনে উল্লেখ কৰিছে যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰা দেশৰ সকলো নাগৰিকক ৰক্ষা কৰাটো চৰকাৰৰ প্রধান উদ্দেশ্য৷ স্বাস্থ্যকর্মী, চিকিৎসক তথা গৱেষকসকলে ভেকচিন প্রস্তুতৰ ক্ষেত্রত যি নিৰলস পৰিশ্রম কৰিছে তাক লৈ যথেষ্ট সন্তুষ্ট পুটিন৷ স্বাস্থ্যকর্মীসকলক দেওবাৰে মেডিকেল ৱর্কাৰ ডে’ত শুভেচ্ছা জ্ঞাপন কৰিছে পুটিনে৷

লক্ষণীয়ভাৱে ৰাছিয়াই পুনৰ চাৰিটা ক’ভিড ভেকচিন প্রস্তুত কৰি উলিয়াব বুলি পুটিনে ঘোষণা কৰিছে৷ ৰাষ্ট্রপতিগৰাকীয়ে উল্লেখ কৰা অনুসৰি এই চাৰিটা নতুন ভেকচিনৰ কাম বিভিন্ন পর্যায়ত চলি আছে৷ আগন্তুক বর্ষৰ আৰম্ভণিতে চাৰিওটা ভেকচিন প্রস্তুত হৈ উঠিব বুলি পুটিনে আশা প্রকাশ কৰিছে৷ স্মর্তব্য যে বিশ্বত প্রথমটো ক’ভিড ভেকচিন প্রস্তুত কৰিছিল ৰাছিয়াই৷

You might also like