ৰাছিয়াত ছেপ্টেম্বৰত ক’ভিডত মৃত্যু ৪৪ সহস্রাধিকৰ
নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ ক’ভিড মহামাৰীয়ে ৰাছিয়াত সংহাৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ বিশ্বত অধিকসংখ্যক লোক দৈনিক সংক্রমিত হৈ থকা দেশৰ ভিতৰত ৰাছিয়া অন্যতম হিচাপে চিহ্ণিত হৈছে৷ চলিত বর্ষৰ ছেপ্টেম্বৰ মাহটো আছিল ৰাছিয়াৰ বাবে আটাইতকৈ ভয়াৱহ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ইমানসংখ্যক মানুহৰ মৃত্যু হোৱা দেখা নাছিল ৰাছিয়াই৷
গতিকে ছেপ্টেম্বৰ মাহটোক ‘মাৰক মাহ’ বা কিলাৰ ছেপ্ঢেম্বৰ হিচাপে অভিহিত কৰিছে চৰকাৰে৷ ৰাছিয়াৰ চৰকাৰী পৰিসংখ্যা অনুসৰি ছেপ্ঢেম্বৰ মাহটোত দেশখনত ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুৱাইছে ৪৪,২৬৫জনে৷ মাত্র এটা মাহৰ ভিতৰত ইমানসংখ্যক লোকৰ মহামাৰীত মৃত্যু হোৱা ঘটনাটো ৰাছিয়াৰ বাবে নজিৰবিহীন৷ ইয়াৰ পূর্বে পুটিনৰ দেশে এনে মহামাৰী প্রত্যক্ষ কৰিবলগীয়া হোৱা নাছিল৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সেইবাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে মস্কো প্রশাসনে৷
আগন্তুক সাত নৱেম্বৰ পর্যন্ত দেশখনত সকলো বন্ধ ঘোষণা কৰিছে চৰকাৰে৷ লক্ষণীয়ভাৱে এতিয়ালৈকে ক’ভিড মহামাৰীত ৰাছিয়াত প্রাণ হেৰুওৱা লোকৰ সংখ্যা প্রায় পাঁচ লাখ৷ ইমানসংখ্যক লোকৰ মৃত্যুৰ কাৰণ হিচাপে ক’ভিডৰ শেহতীয়া সংক্রমণ অধিক দ্রুত বুলি চিহ্ণিত কৰিছে চৰকাৰে৷