নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেহাটো শীতল কৰি ৰাখিব

-ড০ পৱিত্র কুমাৰ পাটোৱাৰী

সাম্প্রতিক কালৰ অতিমাৰীৰ সময়ত আমাৰ দেহ সুস্থ ৰাখিবলৈ শক্তিবর্ধক খাদ্যৰ প্রয়োজন, যাতে দেহত ইমিউনিটী বৃদ্ধি হয়৷ লগতে এই দিনকেইটাত আমাৰ দেহাটোক শীতল কৰি ৰাখিবলৈ যত্নপৰ হ’ব লাগে৷
পোনতে আমি ডাব নাৰিকলৰ কথাই ভাবিব লাগিব৷ ডাব নাৰিকলৰ পানীয়ে দেহত ইলেকট্র’লাইটৰ পৰিমাণ সমভাৱে ৰাখিব পাৰে৷ বতৰৰ সৈতে যুঁজ দিবলৈ ডাব নাৰিকলৰ পানী সেৱন কৰা নিতান্তই প্রয়োজন আৰু এই পানীয়ে হজম শক্তিত যথেষ্ট সহায় কৰে৷ তদুপৰি দেহৰ ৰক্তচাপ নিয়ন্ত্রণত ৰাখে৷ প্রকৃততে ডাবৰ পানী মূত্রবৃদ্ধিকাৰক৷
শৰীৰ শীতল কৰিবলৈ আমি তৰমুজ খাব পাৰোঁ৷ তৰমুজত পানীৰ পৰিমাণ সৰহ আৰু লগতে থাকে লাইক’পিন, ভিটামিন চি, ভিটামিন এ, পটাছিয়াম, এমইনো এচিড আৰু এণ্টিক্সিডেণ্ট৷ ছ’ডিয়াম আৰু কেল’ৰি শক্তিও কম৷ সেয়ে প্রদাহ কমায় আৰু অক্সিডেটিভ ষ্ট্রেচ্ছ হ্রাস কৰে৷ কিন্তু মনত ৰাখিব, তৰমুজত নিহিত পানী কিন্তু এচিডজাতীয়৷ সেয়ে খালী পেটত অথবা নিশাৰ ভাগত তৰমুজ খাব নালাগে৷
বাঙীও এবিধ উৎকৃষ্ট ফল৷ গৱেষকৰ মতে, বাঙীত পটাছিয়াম থাকে৷ সেয়ে বাঙীয়ে দেহৰ ৰক্তচাপ নিয়ন্ত্রণ কৰে৷ বাঙীত উপলব্ধ উচ্চপর্যায়ৰ আঁহে দেহ শীতল কৰি ৰাখে৷
তিয়ঁহত যথেষ্ট পানী থাকে৷ গতিকে নিতৌ তিয়ঁহ খাব লাগে৷ খোৱাৰ কিছুপৰ পিছতেই দেহৰ উত্তাপ কমিবলৈ ধৰে৷ তদুপৰি তিয়ঁহৰ চৰবত বনাই খালেও শৰীৰৰ উত্তাপ কমিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে দেহ শীতল পৰি আহে৷
নেমুৰ চৰবত খালে দেহ–মন শাত পৰি যায়৷ সেয়ে বহুতে দুপৰীয়া ৰ’দত ঘূৰি ফুৰি আহি এগিলাচ নেমুৰ চৰবত খায়৷ আলহী ঘৰলৈ আহিলেও প্রথমে চৰবত আগবঢ়ায়৷ নেমুৰ ৰসত ভিটামিন এ আৰু ভিটামিন বি আৰু ভিটামিন চি থাকে৷ ভিটামিন চিয়ে ধমনীত কলেষ্টৰেল জমা হ’বলৈ নিদিয়ে৷ সেয়ে আমাৰ দৈনন্দিন খাদ্যত নেমু অতি প্রয়োজন৷
পীছফল এবিধ স্বাস্থ্যকৰ ফল৷ পীছফলৰ ৰস খালে গাৰ ছাল নিমজ হয় আৰু গাৰ ৰং উজ্জ্বল হৈ পৰে৷
আমি নিয়মীয়াকৈ উক্ত ফল খোৱাৰ উপৰি নিতৌ দৈ খাব লাগে৷ অৱশ্যে দৈ বছৰৰ সকলো ঋতুতে খোৱা হয়৷ দৈয়ে দেহৰ শুষ্কতা নাইকিয়া কৰে৷ প্রখৰ ৰ’দত ঘূৰি–ফুৰি আহি একাপ দৈ খালে দেহ শীতল কৰে আৰু ছালৰ ক্ষতি ৰোধ কৰে৷ লাহে লাহে দেহৰ ছালৰ কোমলতা বৃদ্ধি পায়৷ সেয়ে ঘৰত দৈ মজুত ৰাখিব৷

You might also like