ভৱিষ্যতে গেৰুৱা পতাকা হৈ উঠিব পাৰে জাতীয় পতাকা
ভৱিষ্যতে ত্ৰিৰংগা আঁতৰি গেৰুৱা পতাকা হৈ উঠিব পাৰে ভাৰতৰ জাতীয় পতাকা। এই ভাষ্য কৰ্ণাটকৰ প্রবীণ বিজেপি নেতা তথা ৰাজ্যখনৰ গ্রামীণ বিকাশ আৰু পঞ্চায়তীৰাজ মন্ত্রী কে এছ ঈশ্বৰাপ্পাৰ। সাংবাদিকে প্রশ্ন কৰিছিল, লালকিল্লাত কেতিয়া গেৰুৱা পতাকা তোলা হ’ব? উত্তৰত তেওঁ কয়, ‘এতিয়াই নহয়, ভৱিষ্যতে কোনো দিনা হ’ব।’ তাৰ পাছত বিজেপি নেতাজনে আকৌ কয়, ‘দেশত হিন্দু বিচাৰধাৰা তথা হিন্দুত্বক লৈ জোৰদাৰ আলোচনা চলিছে। এটা সময় আছিল, যেতিয়া আমি কৈছিলোঁ অযোধ্যাত ৰামমন্দিৰ হ’ব। তেতিয়া মানুহে আমাৰ কথা শুনি হাঁহিছিল। আজি তাত বিৰাট মন্দিৰ হৈ উঠিল। ঠিক সেইধৰণে ভৱিষ্যতে কোনো এদিন হয়তো ১০০, ২০০ বা ৫০০ বছৰ পাছত গেৰুৱা পতাকা জাতীয় পতাকা হ’ব।’