নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তক লৈ টুইট কৰি বিপদত ছলমান

নিয়মীয়া বাৰ্তা, ২১ জুনঃ কোনো চেলিব্ৰিটীৰ আত্মহত্যাৰ লগত প্ৰায়ে সাঙোৰ খাই থাকে তেওঁৰ নাম। কাৰণ ৰহস্যজনক যদিও কিবা প্ৰকাৰে আহি পৰে তেওঁৰ নাম। তেওঁ হ’ল ছলমান খান।

এইবাৰ সুশান্তৰ সিং ৰাজপুতৰ আত্মহত্যাক লৈ অলপ দেৰিকৈ হ’লেও মত প্ৰকাশ কৰিছিল ছলমান খানে। যোৱা শনিবাৰে সুশান্তৰ প্ৰশংসক তথা অনুৰাগীসকলৰ সৈতে তেওঁৰ নিজৰ অনুৰাগীসকলক থিয় দিয়াৰ আহ্বান জনাইছিল। নিজৰ অনুৰাগীসকলক খানে ছ’চিয়েল মিডিয়াত  প্ৰকাশ হোৱা বিৰূপ ভাষালৈ গুৰুত্ব নিদি তেওঁলোকৰ অন্তৰৰ ভাবনাক বুজি তেওঁলোকৰ সৈতে মিলি যাবলৈ অনুৰোধ জনায়।

হয়তো এগৰাকী শুভাকাংক্ষী হিচাপেই ছলমানে এই অনুৰোধ ব্যক্ত কৰিছিল। কিন্তু অনুৰাগীৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হ’ল ছচিয়েল মিডিয়া টুইটাৰত। টুইটাৰযোগে অনুৰাগীসকলে ছলমানক তিৰ্যক সমালোচনা কৰাৰ লগতে ব্যংগাত্মক ভাষাৰে মন্তব্য প্ৰকাশ কৰিছে।

উল্লেখ কৰা প্ৰয়োজনীয় যে সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত ছলমান খানৰ ভূমিকাক লৈ ক্ষোভ ব্যক্ত কৰিছিল বহু অনুৰাগীয়ে। সুশান্ত বলীউডী নেপোটিজিমৰ বলি হোৱা বুলি বলীউডৰে জড়িত বহু কলা-কুশলীয়ে তীব্ৰ চৰ্চা কৰিছিল, যি আজিও শেষ হোৱা নাই।

You might also like