নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ সংকটৰ বিষয়টোত হস্তক্ষেপ কৰক মোদীয়ে: পাৱাৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ  তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্ত উত্তপ্ত কৰি থকা প্রতিবাদী কৃষকসকলৰ সৈতে প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষভাৱে আলোচনাত মিলিত হ’লে সমাধানৰ পথ পোৱা গ’লহেঁতেন বুলি মন্তব্য কৰিছে ৰাষ্ট্রীয়তাবাদী কংগ্রেছ পার্টী (এনচিপি)ৰ নেতা শাৰদ পাৱাৰে৷ জ্যেষ্ঠ নেতাগৰাকীয়ে উল্লেখ কৰিছে যে কৃষকৰ এই সংকট মোচনৰ ক্ষেত্রত প্রধানমন্ত্রী মোদীৰ হস্তক্ষেপ প্রয়োজনীয় আছিল৷

জ্যেষ্ঠ বিজেপি মন্ত্রী এগৰাকীয়ে এইক্ষেত্রত হস্তক্ষেপ কৰিব লাগে বুলিও দাবী কৰিছে এন চি পিৰ মুৰব্বীগৰাকীয়ে৷ অৱশ্যে এইক্ষেত্রত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰৰ প্রতি তেওঁ কোনোধৰণৰ অসন্মান কৰা নাই বুলি স্পষ্ট কৰি দিছে৷ প্রধানমন্ত্রী নাইবা প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে এই বিষয়টোত হস্তক্ষেপ কৰা উচিত বুলি মন্তব্য আগবঢ়াইছে নেতাগৰাকীয়ে৷

You might also like