মহাকাশলৈ প্রেৰণ দেশৰ কৃত্রিম উপগ্রহ ‘চিএমএছ–০১’
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে যোগাযোগ সম্পর্কীয় দেশৰ ৪২ সংখ্যক কৃত্রিম উপগ্রহ এটা মহাকাশলৈ প্রেৰণ কৰিছে৷ চিএমএছ–০১ নামৰ এই কৃত্রিম উপগ্রহটোৱে যোগাযোগৰ ক্ষেত্রত বিশেষ সুবিধা প্রদান কৰিব বুলি আশা প্রকাশ কৰা হৈছে৷ বর্ধিত চি বেণ্ড ফ্রিকুৱেন্সী স্পেক্ট্রামৰ ক্ষেত্রত ই বিশেষ সুবিধা প্রদান কৰাৰ লগতে দেশৰ সকলো অঞ্চলক ইয়াৰ জৰিয়তে যোগাযোগৰ ক্ষেত্রত সামৰি ল’ব পৰা যাব বুলি ইছৰোৱে উল্লেখ কৰিছে৷ শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্রৰ পৰা আজি এই কৃত্রিম উপগ্রহটো প্রেৰণ কৰা হৈছে৷ পিএছএলভি –চি৫০ যানেৰে এই উপগ্রহটো মহাকাশলৈ প্রেৰণ কৰা বুলি এক বিবৃতিত সদৰী কৰে ইছৰোৱে৷