‘এ লট কেন হেপেন অভাৰ এ কাপ অৱ কফী’! কেফে কফী ডে'(চিচিডি) ৰ প্রতিখন আউটলেট এই টেগলাইন চকুত পৰে। অতিমাৰীৰ বাবে ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছে দেশ-বিদেশৰ বহু প্ৰতিষ্ঠানে। তাৰে মাজৰ এখন চিচিডি। কোটি কোটি টকাৰ ঋণৰ বোজা সত্ত্বেও ধীৰে ধীৰে সুস্থিৰ হৈছে চিচিডিৰ ব্যৱসায়। সুদিন ওভোতাই নহয়, বাঢ়িছে মুনাফাও। বাস্তৱত সেয়া সম্ভৱ কৰিছে মালবিকা হেগডেয়ে; চিচিডিৰ প্রয়াত কর্ণধাৰ ভি জি সিদ্ধার্থৰ পত্নী।
২০১৯ চনৰ জুলাইত সিদ্ধার্থৰ আত্মহত্যাৰ খবৰত চমকি উঠিছিল সমগ্ৰ দেশ। সিদ্ধার্থৰ মৃত্যুও আছিল ৰহস্যৰে ঘেৰা। অনিশ্চিত হৈ পৰিছিল চিচিডিৰ ভৱিষ্যত। প্রতিষ্ঠাতা-কর্ণধাৰৰ অকাল মৃত্যু, তাৰ উপৰি চিচিডিৰ কান্ধত ৭,২০০ কোটিৰ ঋণৰ বোজা। ব্যক্তিগত জীৱনৰ অত দুখৰ পাছতো সেই দুৰ্দিনত সংস্থাৰ দায়িত্ব গ্ৰহণ কৰে মালবিকাই। ২০২০ চনত চিচিডিৰ মূল সংস্থা কফী ডে এন্টাৰপ্রাইজেছ লিমিটেডৰ চিইঅ’ হয় তেওঁ। যদিও ঋণগ্রস্ত সংস্থাৰ ভৱিষ্যত লৈ সন্দিহান আছিল ব্যৱসায়িক মহল, দায়িত্ব গ্ৰহণ কৰাৰ আগেয়ে প্ৰতিষ্ঠানৰ কর্মীসকলৰ উদ্দেশ্যে এখন চিঠি লিখে তেওঁ। চিঠিত মালবিকাই লিখিছিল- প্ৰতিষ্ঠানৰ ভৱিষ্যতক লৈ মই আশাবাদী। বহু কেইটা বিনিয়োগ কৰা অংশ বিক্রী কৰি ঋণৰ বোজা নিয়ন্ত্রিত স্তৰলৈ নমাই অনাত আমি কাম কৰিম।
দুবছৰৰ ভিতৰত প্ৰতিষ্ঠানৰ ঋণ কমোৱাৰ সমান্তৰালকৈ ব্যৱসায়ো বঢ়াইছে মালবিকাই। কাকতালীয়ভাৱে, এই চিঠি লিখাৰ কিছু ঘণ্টা আগেয়ে চিচিডিৰ অন্তৱর্তী তদন্তত জনা গৈছিল, সিদ্ধার্থৰ একাউন্টৰ পৰা নোহোৱা হৈছে ২,৬৯৩ কোটি টকা। চিইঅ’ হোৱাৰ আগৰ পৰাই চিডিইএলৰ নন-এগ্জিকিউটিভ বোর্ডৰ সদস্য হিচাবে কাম কৰিছিল মালবিকাই। বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্রী লোৱাৰ পাছত ১৯৯১ চনত সিদ্ধার্থৰ সৈতে বিয়াত বহিছিল মালবিকাই। দুই পুত্ৰ ঈশান আৰু অমর্ত্যক ডাঙৰ কৰাৰ লগতে কফী ব্যৱসায়ৰ খুঁটি-নাটি সম্পর্কেও খবৰ ৰাখিছিল।
লকডাউন চলা সময়ত ঋণদাতাৰ বিপুল অংকৰ টকা ঘূৰাই দিয়ে মালবিকাই। চিইঅ’ হিচাবে প্রথম বছৰতেই সাফল্য। ২০১৯ চনৰ ৩১ মার্চ পর্যন্ত ৭,২০০ কোটি টকাৰ ঋণ থকা প্ৰতিষ্ঠানটোৰ পাছৰ বিত্ত বৰ্ষত অর্থাৎ ২০২০ চনৰ ৩১ মার্চলৈ ঋণ নামে ৩,১০০ কোটি লৈ। ২০২১ চনৰ ৩১ মার্চত চিডিইএলৰ প্রকাশিত তথ্য মতে, ১,৭৩১ কোটি টকৰ ঋণ মাৰিব বাকী আছে।
ঋণদাতাৰ ধাৰ মৰাৰ উপৰিও ব্যৱসায় সম্প্রসাৰণত মন দিয়ে চিচিডিয়ে। এই সময়ত দেশ জুৰি ৩৩৩খন চিচিডি ভেলু এক্সপ্রেছ কিয়স্কসহ ৫৭২খন কেফেৰ মালিকীস্বত্ব আছে সংস্থাৰ। সকলো মিলি ৩৬ হাজাৰ ভেন্ডিং মেছিনৰ জৰিয়তে কফীপ্রেমীক টানিছে চিচিডিয়ে।
অসম্ভৱক সম্ভৱ কৰাৰ পথত প্রয়াত স্বামী সিদ্ধার্থৰ স্বপ্ন সফল কৰিব বিচাৰিছে বুলি জনাইছে মালবিকাই। তেওঁ কয়- যোৱা ১২ মাহ ধৰি আমাৰ লক্ষ্য আছিল সিদ্ধার্থৰ উত্তৰাধিকাৰ বজায় ৰখা। মোৰ বাবে এটা কাম বাকী ৰাখি গৈছে সিদ্ধার্থই। প্রত্যেক ঋণদাতাৰ এটি এটি পইচা ফিৰাব লাগিব। নিজৰ সামর্থ্য অনুযায়ী সেয়াই কৰিব বিচাৰিছোঁ।